শালবাৰীত বনৰ ভালুক গৃহস্থৰ পাকঘৰত

পাকঘৰত সোমাই ভালুকে খালে ভাত-আঞ্জা-কণী, অৱশেষত বনবিভাগৰ হাতত পিঞ্জৰাবদ্ধ হ’ল ভালুক

বনাঞ্চলৰ ভালুক জনাঞ্চললৈ ওলাই অহাটো যেন এতিয়া নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে বাগসাৰ শালবাৰীত ৷ এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ভালুকে গৃহস্থৰ পাকঘৰত সোমাই খালে ভাত আঞ্জা আৰু কণী ৷ অৱশেষত অৱশ্যে বনবিভাগে ট্ৰেংকুইলাইজ কৰি পিঞ্জৰাবদ্ধ কৰে ভালুকটো ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মানাহৰ সমীপৱৰ্তী শালবাৰীৰ দাউৰেবাৰীৰ সুকেন গয়াৰী নামৰ লোকজনৰ পাকঘৰত যোৱা নিশা প্ৰায় ৭-৩০ বজাত বাঁহৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে প্ৰকাণ্ড ভালুকটো ৷ তাৰ পাছতে পাকঘৰত থকা কুকুৰাৰ কণী ১৮টা, কুকুৰা এটা, আঞ্জা আৰু ভাত খাই ভালুকটোৱে পাকঘৰতে শুই থাকে আজি পুৱাৰ ভাগলৈ ৷ ইফালে, ভালুকৰ ত্ৰাসত ওৰে নিশা উজাগৰে কটায় গৃহস্থই ৷

আজি পুৱা প্ৰায় পাঁচ বজাতেই মানাহৰ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পাকঘৰতেই চিকিৎসকে ট্ৰেংকুলাইজ কৰে ভালুকটোক ৷ ইয়াৰ পাছতেই সম্পূৰ্ণ প্ৰাপ্তবয়স্ক হিমালয়ান ক’লা ভালুকটোক পিঞ্জৰাবদ্ধ কৰি মানাহৰ দৈমাৰী এলেকাত মুকলি কৰি দিয়া হয় ৷ উল্লেখযোগ্য যে এতিয়ালৈ মানাহৰ পৰা ওলাই অহা মুঠ ১৫টা ভালুক ভিন্ন ঠাইত পিঞ্জৰাবদ্ধ কৰি পুনৰ মানাহৰ অৰণ্যত মুকলি কৰি দিছে বন বিভাগে ৷

Exit mobile version