Minimum Age of Marriage : ১৮ নহয়, যুৱতীৰ বিবাহৰ বাবে নূন্যতম বয়স ২১

wedd

ছোৱালীৰ বাবে বিবাহৰ নিম্নতম বয়স কিমান হ’ব লাগে ? ১৮ নে ২১ ? এই বিষয়ত দীর্ঘদিন ধৰি আলোচনা চলি আছিল । যোৱা অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জনাইছিল এই বিষয়ত অতি শীঘ্ৰে সিদ্ধান্ত ঘোষণা কৰিব কেন্দ্র‌ই । বুধবাৰে কেন্দ্রীয় মন্ত্রীসভাত প্রস্তাৱ পাছ হয়, ১৮ নহয়, মহিলাৰ বিয়াৰ ন্যূনতম বয়স ২১ হোৱা উচিত ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মহিলাৰ বিয়াৰ বয়স কিমান হোৱা উচিত, এই বিষয়ত দিহা-পৰামর্শ চলিছে । দেশৰ বিভিন্ন প্রান্তৰ পৰা সচেতন মহিলাসকলে মৌক পত্ৰ প্ৰেৰণ কৰিছে । এই বিষয়ত শীঘ্ৰে সিদ্ধান্ত লোৱাৰ অনুৰোধ কৰিছে তেওঁলোকে । বিভিন্ন প্রশ্ন কৰিছে, কমিটীৰ ৰিপ’র্ট এতিয়াও অহা নাই কিয় ? মই তেওঁলোক সকলোকে আশ্বস্ত কৰিব বিচাৰো যে, ৰিপ’র্ট অহাৰ লগে লগে অতি শীঘ্ৰে চৰকাৰে এই বিষয়ত পদক্ষেপ গ্ৰহণ কৰিব ।”

বিগত বৰ্ষৰ জুনত কেন্দ্রীয় নাৰী আৰু শিশু কল্যাণ মন্ত্রণালয়ে এটা উচ্চ পর্যায়ৰ কমিটী গঠন কৰে । যাৰ নেতৃত্বত আছে সমতা পার্টীৰ প্রাক্তন সভাপতি জয়া জেটলী । চলিত মাহতেই ৰিপ’র্টত প্ৰকাশ কৰে সেই কমিটীয়ে । সেই ৰিপ’র্টত বিয়াৰ ন্যূনতম বয়স ২১ বছৰ ৰখাত মত দিয়া হৈছে ।

সম্প্ৰতি ভাৰতত মহিলাৰ বিয়াৰ ন্যূনতম বয়স ১৮, পুৰুষৰ ২১ । পুৰুষ আৰু মহিলাৰ বয়সৰ ব্যৱধান দূৰ কৰাৰ দাবী আগতেও কৰা হৈছিল । ৰাজ্যসভাত এক লিখিত প্রশ্নৰ উত্তৰত নাৰী আৰু শিশুকল্যাণমন্ত্রী স্মৃতি ইৰানিয়ে জনায়, এই বয়স কিমান হোৱা উচিত, সেয়া পর্যালোচনাৰ বাবে এটা টাস্ক ফোর্চ তৈয়াৰ কৰিছে কেন্দ্র‌ই । বিবাহ আৰু মাতৃত্বৰ মাজৰ সময়ৰ গড় ব্যৱধান, এই দুই বিষয়ৰ স’তে স্বাস্থ্য আৰু পুষ্টিৰ যোগ, জন্মৰ সময়ত শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ, সন্তানধাৰণ ক্ষমতা ইত্যাদি বিষয়ে বিবেচনা কৰি ৰিপ’র্ট প্ৰকাশ কৰিব এই কমিটীয়ে ।

বিগত বৰ্ষৰ স্বাধীনতা দিৱসত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাষণতো মহিলাৰ বিয়াৰ বয়সৰ প্রসংগ উত্থাপিত হয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দেশৰ মহিলা-ভগ্নীসকলৰ স্বাস্থ্যক লৈ চৰকাৰ উদ্বিগ্ন । মহিলাসকলক অপুষ্টিৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকে সঠিক বয়সত বিয়া হোৱা প্রয়োজন ।”

Exit mobile version