Santiago Flight 513 : আকাশ মাৰ্গত যাত্ৰা আৰম্ভ কৰি ৩৫ বছৰ পাছত মাটি নামিছিল ফ্লাইট ৫১৩ ! ভিতৰত শাৰী শাৰী কংকাল, ৰহস্যত আজিও

1639618286 10

আগতেই কোৱা প্ৰয়োজনীয় যে ঘটনাটো কালিকা লগা । অবিশ্বাসীসকলে ইয়াৰ ব্যাখ্যা বিচাৰি পোৱা নাই । বিশ্বাস কৰা সকলে আজিও সুযোগ পালেই এই গল্প শুনায় । অৱশ্যে যিয়ে যি নক‌ওক, ছেন্টিয়াগোৰ ফ্লাইট নম্বৰ ৫১৩ আজিও উত্তৰবিহীন ।

১৯৫৪ৰ চাৰি ছেপ্টেম্বৰত ছেন্টিয়াগো এয়াৰলাইন্সৰ ৫১৩ নম্বৰ বিমানে আকাশ মাৰ্গত যাত্ৰা আৰম্ভ কৰে । তাৰ পাছত বিমানখন হঠাৎ নিৰুদ্দেশ হৈ যায় ।

জার্মানীৰ পশ্চিম প্রান্তৰ চহৰ আকেনৰ পৰা ব্রাজিলৰ পোর্তো অলেগ্রিলৈ যাত্ৰা আৰম্ভ কৰিছিল বিমানখনে । এই যাত্ৰা ১৮ ঘণ্টাৰ । কিন্তু ফ্লাইট নম্বৰ ৫১৩ গন্তব্য স্থানত উপস্থিত হ’ল ৩৫ বছৰ পাছত !

তাৰ আগতে অন্তিমবাৰ বিমানখনক ১৯৫৪ৰ চাৰি ছেপ্টেম্বৰত দেখা গৈছিল, উৰনৰ কিছু ঘণ্টাৰ পাছত । অন্তিম খবৰ অনুযায়ী, আতলান্তিক মহাসাগৰৰ ওপৰেৰে গৈছিল বিমানখন । ইয়াৰ পাছতেই সন্ধানহীন হয় বিমানখন ।

নিখোজ বিমানখনৰ দুবছৰ ধৰি সন্ধান চলোৱা হয় । ডুবাৰুসকলক সমুদ্রত নমোৱা হয় । কিন্তু ফ্লাইট ৫১৩-ৰ এটা টুকুৰাৰো সন্ধান পোৱা নাযায় ।

বিমান চালক আৰু ক্রু সদস্যসহ ৯২ জন আৰোহী আছিল বিমানখনত । বিমানৰ স’তে তেওঁলোকো সন্ধানহীন হয় ।

ইয়াৰ পাছত কে’বা দশক পাৰ হৈ যায় । বিমানখন নিখোজ হোৱাত ব্যৱসায় বন্ধ কৰিবলৈ বাধ্য হয় ছেন্টিয়েগো এয়াৰলাইন্সে । সন্ধান চলোৱাও বন্ধ কৰা হয় ।

অৱশেষত সন্ধান পোৱা যায় বিমানখনৰ । ৩৫ বছৰ পাছত বিমানখনক ব্রাজিলৰ পোর্তো অলেগ্রিৰ বিমানবন্দৰত দেখা যায় । ৰানৱেত নিখুঁত অৱতৰণো কৰে ছেন্টিয়েগো এয়াৰলাইন্সৰ বিমানে । অথচ বাস্তৱত ছেন্টিয়েগো এয়াৰলাইন্সৰ কোনো অস্তিত্বই নাই ।

বিমানবন্দৰৰ তৰফৰ পৰা বিমানচালকৰ স’তে যোগাযোগ কৰাৰ চেষ্টা কৰা হয় । কিন্তু কোনো প্ৰতিক্ৰিয়া পোৱা নাযায় । বাধ্য হৈয়েই নিৰাপত্তাৰক্ষীসকলক লৈ বিমানখনৰ দুৱাৰ খোলা হয় । ভিতৰৰ দৃশ্য দেখি শিয়ৰি উঠে পোর্তো অলেগ্রি বিমানবন্দৰৰ কর্মীসকল ।

বিমানখনৰ প্রতিটো আসনত ছিটবেল্ট বন্ধা অৱস্থাত বহি আছিল শাৰী শাৰী কংকাল । তদুপৰি নিখোজ বিমানৰ কেপ্টেইন মিগেল ভিক্টৰ কাৰিও কংকালৰূপতেই । চালকৰ আসনত বহি থকা কংকালৰ হাত সেই সময়তো ককপিটৰ কন্ট্র’ল বটনতে আছে ।

এই বিৱৰণ ১৯৮৯ত ছপা অক্ষৰত প্রকাশিত হৈছিল এক স্থানীয় সংবাদপত্রত । সাপ্তাহিক কাকতখনৰ নাম উইক্‌লি ৱর্ল্ড নিউজ । তাৰ প্রথম পৃষ্ঠাত গোটা গোটা আখৰেৰে শিৰোনাম দিয়া হয় ‘৯২ টা কংকালক লৈ অৱতৰণ কৰিলে ৫০ৰ দশকৰ বিমানে’ ।কিন্তু ঘটনাটো সত্য নে ? যুক্তিবিদসকলে ভুৱা প্রমাণ কৰিবৰ বাবে তিনিটা যুক্তি দিছে ।

প্রথম কাৰণ, উইক্‌লি ৱর্ল্ড নিউজ সংবাদপত্রটো ভুৱা খবৰ প্রকাশৰ বাবে কুখ্যাত আছিল । ইয়াৰ আগতেও এটা নিখোজ বিমানক লৈ ভুৱা খবৰ প্রকাশ কৰিছিল তেওঁলোকে । তাৰ প্রমাণো পাইছে অনেকে ।

দ্বিতীয়, যুক্তিবিদসকলৰ মতে গল্পটৌ হুবহু এখন চলচ্চিত্ৰৰ গল্পৰ আধাৰিত । ১৯৬১ৰ চলচ্চিত্ৰ ‘টুইলাইট জোন’-দ্য অ’ডিচি অৱ ফ্লাইট ৩৩’ নামে আছিল গল্পটো ।

তৃতীয়, ঘটনাটোৰ কোনো প্রমাণ নাই । এটা সংবাদপত্রৰ কাটিঙৰ ওপৰতে বিশ্বাস কৰা বা নকৰাৰ বিষয়টো নির্ভৰশীল ।

Exit mobile version