এমাহো হোৱা নাই বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে অ’মিক্রন ষ্ট্ৰেনক ‘ভেৰিয়েন্ট অৱ কনচার্ন’ বা উদ্বেগজনক ষ্ট্ৰেন হিচাপে চিহ্নিত কৰা । তেনে সময়তে প্রায় ৭৭ খন দেশত অতি-সংক্রামক ৰূপ ধাৰণ কৰিছে এই ষ্ট্ৰেনে । কালি সেই কথা জনাইছে হু-ৱে । এই পৰিপ্রেক্ষিতত আগন্তুক এমাহত বিশেষ গুৰুতৰ বুলি বুধবাৰে জনায় হু-ৰ প্রধান বিজ্ঞানী সৌম্যা স্বামীনাথনে ।
এক সাক্ষাৎকাৰত সৌম্যাই জনায়, অ’মিক্রন ৰোধ কৰিবলৈ বিশ্বজুৰি সকলো দেশে দ্রুত টিকাকৰণ সম্পূর্ণ কৰা উচিত । তেওঁ কয়, ‘‘কোনো প্রতিষেধকই হয়তো ১০০% সুৰক্ষা দিব নোৱাৰে । কিন্তু ৮০ বা ৭০ শতাংশ হ’লেও তো একেবাৰে সুৰক্ষিত নথকাতকৈ ভাল ।’’ আজি আমেৰিকাৰ শীর্ষস্থানীয় এপিডিমিঅ’লজিষ্ট এন্টনি ফাউচিয়ে কয়, ‘‘মডার্না আৰু ফাইজাৰৰ বুষ্টাৰ ড’জ অ’মিক্রনক ৰোধ কৰিবলৈ সক্ষম ।’’
সৌম্যাই জনায়, পুনৰ মাস্ক পৰিধান কৰা বাধ্যতামূলক কৰাটোও অতি জৰুৰী । লগতে পৰীক্ষাৰ জৰিয়তে শীঘ্ৰে আক্রান্তসকলক চিহ্নিত কৰা আৰু তেওঁলোকক নিভৃতবাসত প্ৰেৰণ কৰা প্ৰয়োজন । আক্রান্তসকলৰ সংস্পর্শত অহা লোকসকলক চিহ্নিত কৰাও প্ৰয়োজনীয় বুলি জনায় সৌম্যাই ।
তেওঁৰ মন্তব্য, ‘‘সম্প্ৰতি যিহেতু অ’মিক্রন আক্রান্ত আৰু তেওঁলোকৰ সংস্পর্শত অহা লোকৰ সংখ্যা তুলনাত কম, সেয়ে এতিয়ৰ পৰাই নম্বৰবোৰ নির্ধাৰণ কৰি তেওঁলোকৰ ওপৰত দৃষ্টি ৰখা সহজ হ’ব প্রশাসনৰ বাবে ।’’
লগতে জনসমাগমৰ পৰা বিৰত থকাৰ কথাও উল্লেখ কৰি সৌম্যাই । তেওঁ কয়, ‘‘কোনো কাৰণতে জনসমাগম কৰিব নোৱাৰিব । কাৰণ ইয়াৰ পৰাই বহু মানুহৰ শৰীৰত সংক্রমণ হোৱাৰ শংকা থাকে । যেনে নৰৱেৰ এখন বৰদিনৰ পার্টীত মাত্র দুজন আক্রান্তৰ পৰা প্ৰায় ১২০ জন সংক্রমিত হৈছে বুলি জানিব পৰা গৈছে ।’’
ব্রিটেইনত যোৱা ২৪ ঘণ্টাত ৭৮,৬১০ জনৰ শৰীৰত সংক্রমণ ধৰা পৰিছে । অতিমাৰী আৰম্ভ হোৱাৰ পাছৰ পৰা দেশখনত কোনোদিনে ইমান হাৰত দৈনিক সংক্রমণ হোৱা নাই । সংক্রমণৰ ঢৌৰ সন্মুখীন হ’ব কেনিয়া । অ’মিক্রনৰ সংক্রমণত জৰাজীৰ্ণ আফ্রিকা মহাদেশৰ অধিকাংশ আক্রান্তই উপসর্গহীন । ডেনমার্কত অ’মিক্রনৰ দৈনিক সংক্রমণে হেজাৰৰ ঘৰ অতিক্ৰম কৰিছে । ইটালীত বাহিৰৰ পৰা অহা প্রত্যেকেই কৰ’না পৰীক্ষাৰ নেগেটিভ ৰিপ’র্ট দেখোৱা বাধ্যতামূলক কৰা হৈছে ।