‘কঠোৰ’ আইনতো ৰোধ হোৱা নাই গৰুৰ চোৰাং সৰবৰাহ

চোৰাং ব্যৱসায়িক নাকী লগোৱাত ব্যৰ্থ

cow 2755520 1280 e1562847293329

অসমত গৰুৰ চোৰাং সৰবৰাহ ৰোধৰ বাবে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা অসম পশুধন সংৰক্ষণ আইনখন কেবিনেট বৈঠকে সংশোধনৰ সিদ্ধান্ত ল’লেও আন্তঃৰাজ্যিক সীমাত সংলগ্ন হৈ থকা জিলাকেইখনত এনে নিষেধাজ্ঞা বাহাল থাকিব । বিশেষকৈ বাংলাদেশ সীমান্তৰ লগত যুক্ত হৈ থকা চাৰিখন জিলাত কোনো কাৰণতে আইনখন শিথিল কৰিবলৈ চৰকাৰ আগ্ৰহী নহয় ।

যোৱা জুলাইত বলৱৎ হোৱাৰ পূৰ্বৰ পৰাই আইনখনক লৈ ৰাজ্যত বিতৰ্কৰ সূত্ৰপাত হয় । কাৰণ আইনখনত থকা নিষেধাজ্ঞাৰ বাবে গৰুৰ আন্তঃজিলা সৰবৰাহ বন্ধ হৈ পৰে । ইয়াৰ ফলত গো-পালক, খেতিয়ক আৰু বৈধ ব্যৱসায়ীসকল যথেষ্ট ক্ষতিগ্ৰস্ত হয় । সেয়েহে আইনখন বাতিল অথবা সংশোধনৰ দাবী উত্থাপন হয় । শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে আইনখনত সংশোধনৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও আন্তৰ্জাতিক সীমাত সংলগ্ন জিলাকেইখনৰ ক্ষেত্ৰত শিথিলতা এৰাই চলাৰ সিদ্ধান্ত লয় ।

অসম বাংলাদেশ আৰু ভূটানৰ লগত আন্তৰ্জাতিক সীমা আছে আৰু এই সীমাত থকা জিলাৰ সংখ্যা আঠখন । অৱশ্যে চৰকাৰে সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বাংলাদেশ সীমান্তত থকা জিলা চৰকাৰখনকহে মূল লক্ষ্য কৰি লৈছে । উক্ত জিলাকেইখন হ’ল ক্ৰমে ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচাৰ, কাছাৰ আৰু কৰিমগঞ্জ । আনহাতে, ভূটানৰ লগত সংলগ্ন হৈ থকা জিলা চাৰিখন হ’ল ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাগ্‌সা আৰু ওদালগুৰি ।

লক্ষ্যণীয় যে চৰকাৰে ‘কঠোৰ’ আইন বলৱৎ কৰা স্বত্ত্বেও ৰাজ্যত গৰুৰ চোৰাং সৰবৰাহ ৰোধ হোৱা নাই । অসমৰ কথা বাদেই বহিঃৰাজ্যৰ পৰা অনা চোৰাং গৰুও অসম সীমান্তৰে বাংলাদেশ সৰবৰাহ অব্যাহত আছে । ইয়াৰ ফলত চলিত আইনখনৰ কাৰ্যকৰিতাক লৈও প্ৰশ্ন উত্থাপিত নোহোৱাকৈ থকা নাই । ফলত আইনখনত সংশোধনৰ শ আনিবলৈ চৰকাৰ বাধ্য হয় বুলি দিছপুৰৰ সূত্ৰত প্ৰকাশ ।

Exit mobile version