Box Office : দুদিনতে ১০০ কোটিৰো অধিক উপাৰ্জন ‘পুষ্পা’ৰ

pushpa the rise review b 1712210122

‘পুষ্পা : দ্য ৰাইজ’ । আল্লু অৰ্জুনৰ দক্ষিণৰ ছবি মুক্তিৰ তৃতীয় দিনাই বিশ্বজুৰি ১০০ কোটি টকাৰো অধিক উপাৰ্জন । হলিউডৰ বহুচৰ্চিত ‘স্পাইডাৰ মেন : নো ৱে হোম’ৰ স’তে বক্স অফিচত প্ৰদৰ্শন কৰা ছবিখন হিন্দীৰ লগতে তামিল, তেলেগু, মালায়ালম, কানাড়াত মুক্তি লাভ কৰিছে।

বাণিজ্য বিশ্লেষক ৰমেশ বালাই টুইট কৰি লিখিছে, “পুষ্পাই মাত্ৰ দুই দিনত সমগ্ৰ বিশ্বতে ১০০ কোটি টকা উপাৰ্জন কৰিছে । আমেৰিকাত এই ছবি বজাৰলৈ আহিছে ১৩লাখ ডলাৰ ।”

অষ্ট্ৰেলিয়াত ৯১ লাখৰো অধিক টকাৰ উপাৰ্জন কৰিছে এই ছবিখনে ।নিজৰ ছবিৰ প্ৰতি পূৰ্বৰ পৰাই ভৰসা আছিল আল্লু অৰ্জুনৰ ।

দক্ষিণৰ অভিনেতাজনে স্পাইডাৰ-মেনৰ দৰে জনপ্ৰিয় ফ্ৰেঞ্চাইজিৰ স’তে প্ৰতিযোগিতা কৰাৰ বিষয়েও বিশেষ চিন্তিত নাছিল। ছবিখনৰ মুক্তিৰ আগতে তেওঁ কয়, ‘দৰ্শকক স্পাইডাৰমেনে ছবিগৃহলৈ ঘূৰাই আনিব । একেদৰে, ‘পুষ্পা’য়ে ভাৰতীয় দৰ্শকসকলক ছবিগৃহলৈ আকৰ্ষিত কৰিব। চিনেমাক পুনৰ উদযাপন কৰাৰ সময় আহি পৰিল ।”

আল্লু অৰ্জুনৰ উপৰিও ছবিখনত ৰশ্মিকা মন্দনা, ফাহাদ ফাচিক আৰু সামান্থা প্ৰভুয়েও অভিনয় কৰিছে।

Exit mobile version