অ’মিক্ৰনৰ প্ৰতিৰোধৰ বাবে কঠোৰ হৈছে ইউৰোপীয়া দেশ

omicron 1

দ্রুতগতিত সংক্রমিত হােৱা ক’ভিডৰ নতুন প্রজাতি অ’মিক্রনক প্ৰতিৰােধ কৰিবলৈ ইউৰােপৰ দেশসমূহে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে।

সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি ব্রিটেইনে আকৌ এবাৰ তলাবন্ধৰ যাে-জা চলাইছে। ইফালে, নেপালৰ পৰা দক্ষিণ কোৰিয়ালৈকে আন কে’বাখনাে দেশে অ’মিক্রন প্ৰতিৰােধৰ বাবে ইতিমধ্যে অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰিছে।

ফ্রান্স আৰু অষ্ট্রিয়ায়াে যাত্রীৰ ক্ষেত্ৰত একাধিক নিষেধাজ্ঞা আৰােপ কৰিছে। পেৰিছত নৱবৰ্ষৰ নিশা পৰম্পৰাগতভাৱে পালিত আতচবাজী নিষিদ্ধ কৰা হৈছে।

ডেনমার্কত ইতিমধ্যে ক’ভিড প্ৰতিৰােধৰ বাবে পুনৰ থিয়েটাৰ, চিনেমা হল, বিনােদন অনুষ্ঠানসমূহ বন্ধ কৰাৰ লগতে ৰেস্তোৰাঁ আৰু পানশালাত গ্রাহকৰ সংখ্যা সীমিত ঘােষণা কৰা হৈছে।

আয়াৰলেণ্ডতাে পানশালা আৰু ৰেস্তোৰাঁ নিশা আঠ বজাৰ পাছত বন্ধ ৰখাৰ নির্দেশ দিয়া হৈছে। নেদাৰলেণ্ডছতাে বিশেষজ্ঞ পেনেলৰ ক’ভিড প্রতিৰােধী পৰামর্শ চৰকাৰে বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে।

দেশখনৰ চৰকাৰে ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আংশিক তলাবন্ধৰ কথা বিবেচনা কৰিছে। অৱশ্যে ফ্রান্সসহ ইউৰােপৰ একাংশ দেশত নাগৰিকসকলে তলাবন্ধ আৰু ক’ভিড নীতি-নির্দেশনাৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে।

নেপালে জার্মানী, ইটালী, ব্রিটেইন, কানাডা আৰু আমেৰিকাসহ ৬৭ খন দেশৰ পৰা অহা যাত্রীৰ ক্ষেত্ৰত ১৪ দিনৰ কোৱাৰেণ্টাইন বাধ্যতামূলক ঘােষণা কৰিছে । ইয়াৰে সাতদিন হােটেলত আৰু সাতদিন নিজৰ ঘৰত নিভৃতবাসত থাকিব লাগিব।

Exit mobile version