মাতৃহাৰা ডেৰবছৰীয়া বন্যহস্তীৰ পোৱালিক মাতৃস্নেহৰ মৰম দিছে বনকৰ্মীয়ে

পাঁচ বছৰ পূৰ্ণ হ’লে ব্যৱস্থা কৰিব প্ৰশিক্ষণৰ

WhatsApp Image 2021 12 21 at 5.45.09 PM

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ অন্তৰ্গত মহল কেম্পত মাতৃহাৰা এটি ডেৰবছৰীয়া বনৰীয়া পোৱালি হাতীক মাতৃস্নেহৰ মৰম দিছে বনকৰ্মীয়ে ৷ ১৫ দিন পূৰ্বে বাগসাৰ ককলাবাৰীত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছিল ডেৰবছৰীয়া বনৰীয়া পোৱালি হাতীটোৰ মাতৃৰ ৷ প্ৰকাণ্ড মাইকী বনৰীয়া হাতীটোৰ নিথৰ দেহৰ কাষৰ পৰা পোৱালি হাতীটোক উদ্ধাৰ কৰিছিল বনবিভাগে ৷ মাতৃস্নেহৰ পৰা বঞ্চিত পোৱালি হাতীটোক বনবিভাগে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনবিভাগৰ মহল কেম্পত আশ্ৰয় দি খোৱা-লোৱাকে ধৰি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

বনকৰ্মীসকলে পোৱালি হাতীটোক পানী, কলপাত, দল ঘাঁহ, পকা কল, তৰা গছৰ পাত আদি যোগান ধৰি সুস্থ কৰাৰ লগতে ডাঙৰ-দীঘল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ পোৱালি হাতীটোক খাদ্য যোগান ধৰাৰ সমান্তৰালভাৱে বনকৰ্মীসকলে গা-ধুৱাই দিয়ে ৷ হাতী পোৱালিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এগৰাকী বনকৰ্মীয়ে আবেগিক হৈ কয়, “নিজৰ সন্তানৰ দৰে মৰম কৰি আছো আমি ৷ খুৱাবলৈ দল ঘাঁহ মানাহত খুব কমকৈ পোৱা যায় ৷ বেলেগ ঠাইলৈ গৈ পুখুৰী বা বিলৰ পৰা আনিব লাগে ৷ মাকলৈ মনত পৰিলে বৰকৈ কান্দে পোৱালিটোৱে ৷ অন্যান্য হাতী পোৱালিবোৰে কান্দিলেও কান্দে ৷ ভোক লাগিলেও কান্দে ৷”

উল্লেখ্য যে ডেৰবছৰীয়া বনৰীয়া হাতী পোৱালিটোৰ বয়স পাঁচ বছৰ হ’লেহে হাতীৰ মাউতে পোহনীয়া কৰাৰ প্ৰশিক্ষণ দিব বুলি বনকৰ্মীসকলে জানিবলৈ দিয়ে ৷ মাতৃৰ মৰম বিচাৰি বিয়াকুল হৈ থকা পোৱালি হাতীটোক মাতৃস্নেহৰ পৰা আঁতৰত নৰখাৰ পণ কৰিছে দিনে-নিশাই কৰ্তব্যৰত মানাহৰ বাঁহবাৰী ৰেঞ্জৰ বনকৰ্মীসকলে ৷

Exit mobile version