অ’মিক্ৰনৰ পৰা ৰক্ষা লাভৰ দুটা উপায় : ডাঃ গুলেৰীয়াৰ পৰামৰ্শ

EVK dyrUUAY Wk

অ’মিক্ৰন প্ৰতিৰোধৰ বাবে ৰাজ্যসমূহক সাজু থাকিবলৈ কেন্দ্ৰ‌ই পত্ৰৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰাৰ এদিন পাছতে নতুন দিল্লীস্থ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰীয়াই নতুনকৈ সতৰ্কবাৰ্তা দিলে দেশবাসীক । ডাঃ গুলেৰীয়াই কয় যে প্ৰতিষেধক আৰু ক’ভিড বিধিও সঠিকভাৱে পালনৰ জৰিয়তেহে ক’ভিডৰ এই নতুন প্ৰজাতিৰ প্ৰসাৰক বাধা দিয়া সম্ভৱ হ’ব ।

উল্লেখ্য যে ভাৰতত যোৱা দুই ডিচেম্বৰত প্ৰথমজন অ’মিক্ৰন আক্ৰান্তক চিনাক্ত কৰা হৈছিল । বিগত ২০ দিনত দেশত ২২৯জন লোকৰ শৰীৰত ক’ভিডৰ নতুন প্ৰজাতিৰ সংক্ৰমণ ধৰা পৰিল । ডাঃ গুলেৰীয়াই কয়, ‘অ’মিক্ৰন এক অধিক সংক্ৰামক ক’ভিড প্ৰজাতি । আমি নিজকে ৰক্ষা কৰিবলৈ দুটা কাম কৰিব লাগিব, প্ৰথমে প্ৰতিষেধক ল’ব লাগিব আৰু দ্বিতীয়তে ক’ভিড প্ৰতিৰোধী আচৰণ পালন কৰিব লাগিব ।’

ইয়াৰ পূৰ্বে এইমছৰ মুৰব্বীজনে কৈছিল যে অ’মিক্ৰনৰ পৰা সুৰক্ষা লাভ কৰিবলৈ বৰ্তমানে উপলব্ধ প্ৰতিষেধকৰ সালসলনি কৰাৰ প্ৰয়োজন হ’ব পাৰে । ‘অচিৰে আমি দ্বিতীয় প্ৰজন্মৰ ক’ভিড প্ৰতিষেধক লাভ কৰিম । বৰ্তমানৰ প্ৰতিষেধক কাৰ্যকৰী, কিন্তু নতুন প্ৰজাতিৰ আগমনৰ ফলত ইয়াৰ প্ৰতিৰোধ ক্ষমতা কম হ’ব পাৰে । প্ৰতিষেধকৰ সালসলনি হ’ব পাৰে, এই বিষয়ত অধ্যয়ন অব্যাহত আছে আৰু আগন্তুক সময়ত আমি বৰ্তমানতকৈ অধিক শক্তিশালী ক’ভিড প্ৰতিষেধক লাভ কৰিব পাৰো ।’ ডাঃ গুলেৰীয়াই এইদৰে কয় ।

ভাৰতত এতিয়ালৈকে যিসকল লোক ক’ভিডৰ নতুন প্ৰজাতিত আক্ৰান্ত হৈছে, তেওঁলোকৰ সৰহসংখ্যকে বিদেশলৈ গৈ বা তেনে ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ ফলত অ’মিক্ৰনত আক্ৰান্ত হৈছিল । এতিয়ালৈকে দেশত কোনো অ’মিক্ৰন আক্ৰান্তৰ শৰীৰত বিশেষ জটিলতা প্ৰত্যক্ষ হোৱা নাই । কিন্তু অ’মিক্ৰনে দেশত ডেল্টা প্ৰজাতিৰ দৰে ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰাৰ শংকা নুই কৰিব নোৱাৰি বুলি এইমছৰ মুৰব্বীজনে মত প্ৰকাশ কৰে ।

ডাঃ গুলেৰীয়াৰ মতে, অ’মিক্ৰন প্ৰতিৰোধ কৰিবলৈ হ’লে টিকাকৰণ সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু একে সময়তে প্ৰতিজন লোকে পূৰ্বৰ দৰে ক’ভিড প্ৰতিৰোধৰ নিয়ম-নীতিসমূহ কঠোৰভাৱে পালন কৰি যাব লাগিব ।

Exit mobile version