বাংলাদেশত ৰোহিংগ্যা শিবিৰত নিজস্ব মুদ্ৰা প্ৰচলন সন্ত্ৰাসবাদী আৰছাৰ

Rohingya camp wide 460x460 1

বাংলাদেশত অধিক গভীৰ হ’ল জেহাদৰ ছায়া । এইবাৰ দেশখনত থকা ৰোহিংগ্যাৰ শিবিৰত নিজস্ব মুদ্ৰা প্ৰচলন কৰিলে সন্ত্ৰাসবাদী সংগঠন আৰাকান ৰোহিংগ্যা ছালভেচন আৰ্মি (আৰছা)য়ে । প্ৰকাশিত বাতৰি অনুসৰি, ম্যানমাৰত সন্ত্ৰাসবাদী ‌সংগঠন আৰছাই নিজক অধিক শক্তিশালী কৰিবলৈ এইবাৰ বাংলাদেশৰ কক্সবাজাৰত থকা ৰোহিংগ্যা শৰণাৰ্থী শিবিৰত নিজস্ব মুদ্ৰা প্ৰচলন আৰম্ভ কৰিলে ।

সামাজিক মাধ্যমৰ জৰিয়তে আৰছাই ইতিমধ্যে নিজস্ব মুদ্ৰা প্ৰচলনৰ কথা ব্যাপকভাৱে প্ৰচাৰ কৰিছে । উল্লেখ্য যে ২০১৭ বৰ্ষত ম্যানমাৰৰ একাধিক সেনাৰ ঘাটিত আৰছাই আক্ৰমণ সংঘটিত কৰিছিল । ইয়াৰ পাছতে দেশৰ সেনাবাহিনীয়ে আৰছাসহ ৰোহিংগ্যা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছিল ।

প্ৰাণৰক্ষা কৰিবলৈ প্ৰায় সাত লাখ লোহিতংগ্যাই বাংলাদেশলৈ পলায়ন কৰিছিল । এই মুহূৰ্তত বাংলাদেশত ১১ লাখৰো অধিক ৰোহিংগ্যা শৰণাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে ।

Exit mobile version