ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণৰ বিৰুদ্ধে আজি এক সজাগতামূলক ৰেলী বাহিৰ কৰা হয় । মহানগৰীৰ পাঞ্জাবাৰীস্থিত ছহিদ যাদৱ চন্দ্ৰ নাথ হোমিঅ’পেথি মেডিকেল কলেজৰ পৰা উলিওৱা এই ৰেলীৰ ফ্লেগ অফ কৰে মেডিকেল কলেজৰ অধ্যক্ষই ।
শতাধিক শিক্ষাৰ্থী আৰু শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰা এই ৰেলীৰ জৰিয়তে জনসাধাৰণৰ মাজত অ’মিক্ৰন সন্দৰ্ভত সৰ্বসাধাৰণ লোকক এক বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা হয় । মহামাৰী কৰ’না সন্দৰ্ভত এই অ’মিক্ৰন ভেৰিয়েণ্ট কিমান ভয়াৱহ হ’ব পাৰে, অথবা এই অ’মিক্ৰন ভেৰিয়েণ্টে আমাক কি ধৰণে গ্ৰাস কৰিব পাৰে, ইয়াৰ পৰা আমি কিদৰে পৰিত্ৰাণ লাভ কৰিম এই সন্দৰ্ভত ৰাইজক সজাগ কৰোৱা হয় । মেডিকেল কলেজৰ পৰা ওলিওৱা এই সজাগতা ৰেলী ছয়মাইল হৈ পুনৰ কলেজ প্ৰাংগনত সমাপ্ত হয় ।