ৰেলী বন্ধ কৰক । নিৰ্বাচন পিছুৱাই দিয়ক । দেশত অ’মিক্রন উদ্বেগৰ সময়তে এইবাৰ নির্বাচন কমিছনক অনুৰোধ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে । আদালতৰ অনুৰোধ, অন্তত এক বা দুই মাহৰ বাবে পিছুৱাই দিয়ক উত্তৰ প্রদেশ বিধানসভা নির্বাচন । ন্যায়াধীশ শেখৰকুমাৰ যাদৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীক অনুৰোধ কৰিছে সমদল, জনসভা বন্ধ কৰিবলৈ । ইপিনে, কেন্দ্রীয় স্বাস্থ্য সচিবৰ স’তে ২৭ ডিচেম্বৰত জৰুৰী বৈঠকত মিলিত হ’ব নির্বাচন কমিছনে । আসন্ন নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অ’মিক্রন পৰিস্থিতি সন্দৰ্ভত জৰুৰী বৈঠকত মিলিত হ’ব দুপক্ষই ।
প্রসংগত, ইতিমধ্যে দেশত অ’মিক্রন উদ্বেগ বৃদ্ধি পাইছে । দেশত এই পর্যন্ত কৰ’নাৰ নতুন ষ্ট্ৰেনত আক্রান্তৰ সংখ্যা তিনিশৰো অধিক । তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত এশৰো অধিক লোক কৰ’নাৰ নতুন ভেৰিয়েন্টত আক্রান্ত হৈছে । দেশত অ’মিক্রন আক্রান্তৰ সংখ্যা সম্প্ৰতি ৩৫৮ জন । ইতিমধ্যে মুম্বাইত অ’মিক্রনত আক্রান্ত হৈ এজনৰ মৃত্যুও হৈছে । দেশত প্রথম অ’মিক্রন ধৰা পৰাৰ কিছুদিনৰ ভিতৰতে আক্রান্তৰ সংখ্যা তিনিশৰ অধিক হোৱাত উদ্বেগ বৃদ্ধি পাইছে । যিসকলৰ টিকাকৰণ হৈছে, তেওঁলোকো এই কথা ভাবি উদ্বিগ্ন যে, কৰ’নাৰ নতুন ভেৰিয়েন্টৰ ক্ষেত্ৰত কিমান কার্যকৰী হ’ব সেই টিকা ?
তেনে সময়তে বৰদিন । উৎসৱমুখৰ পৰিৱেশত সংক্রমণ আৰু বঢ়াৰ শংকা । আকৌ নিৰ্বাচন হ’লে নির্বাচনী প্রচাৰ সমদল, জনসভা চলিয়ে থাকিব । সেই সমদল, জনসভাত মানুহৰ ভিৰত সংক্রমণ বহুগুণে বৃদ্ধি হ’ব পাৰে । যাৰ উদাহৰণ হিচাপে পঞ্চায়ত ভোট আৰু পশ্চিমবংগ বিধানসভা নির্বাচনক দাঙি ধৰিছে ন্যায়াধীশ শেখৰ যাদৱে ।
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শেখৰ যাদৱে তেওঁৰ পর্যবেক্ষণত জনাইছে, “যদি সমদল উলিওৱা বন্ধ নকৰে, তাৰ পৰিণতি ছেকেণ্ড ৱেভতকৈও ভয়াৱহ হ’ব পাৰে । তেনে সময়তে অ’মিক্রন আক্রান্তৰ সংখ্যা যদি বাঢ়ে, তেনেহ’লে থার্ড ৱেভৰ শংকাও আছে ! পঞ্চায়ত নিৰ্বাচন আৰু বংগত বিধানসভা নিৰ্বাচনৰ পাছত বহু লোক আক্রান্ত হৈছিল । বহু লোকৰ মৃত্যুও হৈছিল ।”
তেওঁ লগতে কয়, “প্ৰাণ বাচিলেহে, এই পৃথিৱী বাচিব ।” উল্লেখ্য, ইতিমধ্যে বিশেষজ্ঞসকলে সতর্ক কৰিছে যে, ডেল্টাতকৈও তিনিগুণ অধিক সংক্রামক । অ’মিক্রনৰ কৱলত বিপর্যস্ত দক্ষিণ আফ্রিকা, ব্রিটেইন, নেদাৰলেণ্ড, মার্কিন যুক্তৰাষ্ট্রসহ বহু দেশ । ইয়াকে লৈ শংকা আৰু উদ্বেগ আদালতৰ ।