ভৱানীপুৰ সমষ্টিত প্ৰশাসনৰ উদ্যেগত “গাওঁ ফুৰো অহা” কৰ্যক্ৰমণিকা সম্পন্ন

232cede6 60de 473b 8863 97d5563c2c3e

বজালী জিলা প্ৰশাসনৰ উদ্যেগত ভৱানীপুৰ বিধানসভা সমষ্টিত আজি সম্পন্ন হয় “গাওঁ ফুৰো আহক” কাৰ্যক্ৰমণিকা। উল্লেখ্য যে বজালী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ পৃষ্ঠপোষকতাত “গাওঁ ফুৰো অহা” কাৰ্যক্ৰমণিকাত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰৰ লগতে প্ৰশাসনিক বিষয়া, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে উপস্থিত হয় ভৱানীপুৰ বিধানসভা সমষ্টিৰ ঐতিহাসিক প্ৰস্তাবিত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ নগৰখন অৱস্থিত নাওসৰকা গাঁৱত।

নাওসৰকা গাঁৱৰ ৰাইজৰ লগতে প্ৰশাসন আৰু চৰকাৰী বিভাগটোৰ বিষয়া – কৰ্মচাৰীৰ স’তে গাঁৱৰ উন্নয়নৰ বাবে মত বিনিময় কৰি দিয়া ভাষণত বিধায়ক ফনীধৰ তালুকদাৰে নাওসৰকা গাঁৱৰ লগতে পৰিত্যক্ত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ নগৰ আৰু বৃহত্তৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ একাধিক উন্নয়নেৰে সমষ্টিটোক নতুন ৰূপদান কৰাৰ বিশেষ বিশেষ আঁচনি ৰূপায়ণ হ’ব বুলি ঘোষণা কৰে।

উল্লেখ্য যে নাওসৰকা পথাৰত ১৯৮৯ বৰ্ষতেই প্ৰায় সাতশ বিঘা ভূমিত অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত প্ৰস্তাবিত সুদীৰ্ঘ দিন পৰিত্যক্ত হৈ থকা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ নগৰখন একাধিক উন্নয়নমূলক আঁচনি ৰূপায়নেৰে উজ্জীৱিত কৰাৰ আঁচনি গ্ৰহণ কৰিছে বুলিও কয় বিধায়ক ফনীধৰ তালুকদাৰে তেওঁৰ ভাষণত।

নাওসৰকা পথাৰত অৰ্থাৎ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ নগৰৰ ভূমিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে, একশ বিঘা ভূমিত ৮৫৫ গৰাকী শ্বহীদৰ স্মৃতিত উদ্যান,এটা সৌৰ প্ৰকল্প (ছোলাৰ প্ৰজেক্ট) ,অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰ,বিদ্যুত বিভাগৰ তথা অসম শক্তি উন্নয়ন পৰিষদ( কৰ্পোৰেশ্বন) লিমিটেডৰ উপ সংমণ্ডল চৰকাৰীভাৱে স্থাপনৰ উদ্যেগ গ্ৰহণ কৰা হৈছে বুলিও ঘোষণা কৰে বিধায়ক ফনীধৰ তালুকদাৰে।সভাত বজালী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে কয় যে ,গাঁৱৰ ৰাইজে গাঁৱৰ সমস্যাৰ লগতে হিতাধিকাৰীক পাৱলগীয়া চৰকাৰী আঁচনিৰ বিষয়ে জ্ঞাত কৰা, ৰাইজে চৰকাৰী বিভাগবোৰৰ বিষয়া ,কৰ্মচাৰীৰ সন্মুখত আৰু প্ৰশাসনিক বিষয়াৰ সন্মুখত উত্থাপন কৰিব পাৰাৰ উদ্দেশ্য আগত ৰাখিয়েই “গাওঁ ফুৰো অহা” কাৰ্যক্ৰমণিকা ৰূপায়ণ কৰা হৈছে।

বিধায়ক ফনীধৰ তালুকদাৰ আৰু বজালী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ লগতে সৰুপেটা ৰাজহ চক্ৰ বিষয়া মদিৰা বেগম, ভৱানীপুৰৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াই চৰকাৰী আঁচনিৰ বাখ্যাৰে গঞা ৰাইজৰ স’তে মত বিনিময় কৰাৰ উপৰি বজালী জিলাৰ অতিৰিক্ত উপায়ুক্ত মনজ্যোতি কুটুম, বজালী সদৰ মহকুমাধিপতি সংঘমিত্ৰা ভাগৱতী আদিকে কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।

Exit mobile version