Narendra Singh Tomar : পুনৰ কাৰ্যকৰী হ’ব পাৰে কৃষি আইন !

tomarfarmers 1608875487

পুনৰ কাৰ্যকৰী হ’ব পাৰে কৃষি আইন ৷এই মন্তব্য কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তমাৰৰ ৷ শুকুৰবাৰে কৃষি মন্ত্ৰীৰ এই মন্তব্যই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰে৷

কৃষি আইনক লৈ সমগ্ৰ দেশৰ লাখ লাখ কৃষকৰ ক্ষোভৰ ফলত কেন্দ্ৰই যোৱা মাহত তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰে৷

অৱশ্যে শুকুৰবাৰে মহাৰাষ্ট্ৰত এক অনুষ্ঠানত তমাৰে দাবী কৰে যে কৃষি আইন পৰৱৰ্তী সময়ত পুনৰ কাৰ্যকৰী হ’ব পাৰে৷ যাক লৈ এতিয়া সৃষ্টি হৈছে নতুন বিতৰ্কৰ ।

বিতৰ্কিত আইনখন বাতিল কৰাৰ বাবে কিছু লোকক দোষাৰোপ কৰি মন্ত্ৰী তমাৰে কয়, “আমি কৃষি সংশোধনী আইন লৈ আহিছো। কিন্তু কিছুমান মানুহে এই আইনবোৰ পছন্দ কৰা নাছিল। এই তিনিখন আইন স্বাধীনতাৰ ৭০ বছৰৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এটা ডাঙৰ সংস্কাৰ আছিল। ”

কৃষি মন্ত্ৰীয়ে কয় যে চৰকাৰে চাপত এখোজ পিছুৱাই গৈছে। কিন্তু চৰকাৰে পাছত এই কৃষি আইনসমূহৰ স’তে পুনৰ আগবাঢ়িব আৰু ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলিও তেওঁ মন্তব্য কৰে।

দৰাচলতে, তিনিখন বিতৰ্কিত কৃষি আইনক লৈ সমগ্ৰ দেশৰ বিভিন্ন কৃষক গোটে আন্দোলনত যোগদান কৰিছিল৷ দিল্লীৰ উপকণ্ঠত সীমান্তত আন্দোলন কৰাৰ বাবে বিজেপিৰ বিভিন্ন নেতা আৰু মন্ত্ৰীয়ে কৃষকসকলক সমালোচনা কৰিছিল৷

কেন্দ্ৰই কৃষক নেতাসকলৰ স’তে কেইবাটাও আলোচনা কৰিছিল৷ কিন্তু সেই আলোচনাই কাম নকৰিলে। এই অচলাৱস্থা দীৰ্ঘদিন ধৰি চলি থাকিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱশেষত পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ তিনি মাহ পূৰ্বে কৃষি আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে৷

অৱশেষত সংসদ আৰু কেন্দ্ৰৰ শীতকালীন অধিৱেশনত কৃষি আইন প্ৰত্যাহাৰৰ পাছত কৃষক সংগঠনসমূহে ১১ ডিচেম্বৰত আন্দোলন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷ সীমান্ত খালী কৰা হয়৷

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ এই মন্তব্যই তেতিয়াৰ পৰা বহুত জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে৷ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে, আগন্তুক নিৰ্বাচনত পঞ্জাৱ দখল কৰিবলৈ মোদী চৰকাৰে অস্থায়ীভাৱে আইন খন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল নেকি?

Exit mobile version