Dog’s Birthday: ১১ লাখ টকা খৰচ কৰি জাকজমকে উদযাপন কৰিলে পোহনীয়া কুকুৰৰ জন্মদিন

golden retriever birthday party header 500x486 1

img

বহুতেই তেওঁলোকৰ নিজৰ সন্তানৰ জন্মদিন অতি ধুমধামেৰে উদযাপন কৰে। কিছুমানে আনকি পোহনীয়া জন্তুৰ জন্মদিনো উদযাপন কৰে। কিন্তু আপুনি কেতিয়াবা শুনিছে নে লাখ টকা ব্যয়েৰে পোহনীয়া জন্তুৰ জন্মদিন উদযাপন কৰা?

অবিশ্বাস্য লাগিলেও এইয়ে সত্য । এগৰাকী মহিলাই কৰিলে এই কাম । ১১ লাখ টকা খৰছ কৰি ৰাজকীয়ভাৱে এটা পোহনীয়া কুকুৰৰ জন্মদিন উদযাপন কৰাৰ বাবে শিৰোনাম দখল কৰিলে এগৰাকী মহিলাই।

ঘটনাটো চীনৰ হুনান প্ৰদেশৰ । এটা প্ৰতিবেদনত দাবী কৰা হৈছে যে লাখ লাখ টকা ব্যয়েৰে ডু ডু নামৰ এটা পোহনীয়া কুকুৰৰ জন্মদিন উদযাপন কৰিলে গৃহস্থই ।

কেৱল সেয়াই নহয়, ডু ডুৰ জন্মদিনক স্মৰণীয় কৰি ৰাখিবলৈ ড্ৰোন শ্ব’ৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানটো ৩০ মিনিট ধৰি চলিছিল।

মহিলাগৰাকীয়ে গোটেই অনুষ্ঠানটোৰ বাবে এটা কোম্পানীৰ অৰ্ডাৰ দিছিল। ডু ডুৰ জন্মদিন উদযাপন একেধৰণে আয়োজন কৰা হৈছিল যিদৰে ই বিবাহ বা অনুষ্ঠানত অনুষ্ঠিত হয়।

নেটিজেনসকলৰ ওপৰত বাতৰি বিয়পি পৰাৰ লগে লগে মহিলাগৰাকী সমালোচনাৰ সন্মুখীন হৈছিল। কোনোবাই ক’লে, ‘য’ত লাখ লাখ মানুহে খাব নোৱাৰে, লাখ টকা খৰচ কৰি পোহনীয়া জন্তুৰ জন্মদিন!’ কোনোবাই পুনৰ ক’লে, ‘ভোকত থকা লোকসকলক খুৱালে ভাল হ’লহেঁতেন। ‘

Exit mobile version