পর্বতসম সম্পত্তিৰ অধিকাৰী হৈও সাধাৰণ স্কুটাৰত ঘূৰিছিল ব্যৱসায়ী পীযূষ জৈনে

IT Raid Kanpur 1

দেশৰ আয়কৰ বিভাগৰ ইতিহাসত সর্ববৃহৎ নগদ ধন জব্দৰ ঘটনাত অৱশেষত গ্রেপ্তাৰ হ’ল কানপুৰস্থিত ব্যৱসায়ী পীযূষ জৈন। সুদীর্ঘ ৫০ ঘণ্টাৰ জেৰাৰ অন্তত কৰ ফাকি দিয়াৰ অভিযােগত ব্যৱসায়ী জৈনক সোমবাৰে গ্রেপ্তাৰ কৰা হয়।

ইতিমধ্যে তেওঁক ১৪ দিনৰ বাবে কৰ বিভাগৰ জিম্মাত লােৱা হৈছে। শীঘ্ৰেই জেৰাৰ বাবে জৈনক আহমেদাবাদলৈ নিয়া হ’ব। জৈনৰ কানপুৰস্থিত সুদৃশ্য দালানৰ পৰা আয়কৰ বিভাগে জব্দ কৰিছে মুঠ ২৮৪ কোটি নগদ টকা। ইয়াৰ উপৰি সােণ, চন্দন তেলকে ধৰি প্রায় ১৭ কোটিৰ সামগ্রীও জব্দ কৰা হৈছে।

উল্লেখ্য যে ধৃত জৈনৰ বাসগৃহত জব্দকৃত ধন আয়কৰ বিভাগৰ বিষয়াই টকাৰ দ’মৰ ওপৰত বহি হিচাপ কৰাৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। বিভাগীয় সূত্রই জনােৱা মতে, সুদীর্ঘ ১২০ ঘণ্টা ধৰি চলােৱা তালাচীৰ অন্তত জব্দকৃত টকাখিনি হিচাপ কৰাৰ বাবে তিনিটা টকা গন্তি কৰা যন্ত্রত দুদিন সময়ৰ প্রয়ােজন হয়।

যােৱা সপ্তাহৰ পৰাই আয়কৰ বিভাগৰ তালাচী অভিযান আৰম্ভ হয়। প্রথম দিনাই জৈনৰ বাসগৃহৰ পৰা ১৫০ কোটিৰ নগদ ধন জব্দ কৰা হৈছিল। প্রায় ছদিনৰ তালাচী অভিযানত জৈনৰ কানপুৰস্থিত বাসগৃহ আৰু কণৌজস্থিত কাৰখানাৰ পৰা মুঠ ২৮৪ কোটি টকা উদ্ধাৰ হয়।

ইয়াৰ উপৰি তেওঁৰ বাসগৃহৰ পৰা অভিযানকাৰী দলে প্রায় ১১ কোটি টকা মূল্যৰ ২৩ কেজি সােণ, যাৰ অধিকাংশই বিদেশত ক্ৰয় কৰা আৰু কাৰখানাৰ পৰা প্রায় ছয় কোটি মূল্যৰ ছশ কেজি চন্দনৰ তেল জব্দ কৰা হয়।

চন্দনৰ তেলসমূহ কাৰখানাৰ ভূ-তল মহলত গােপনে মজুত কৰি ৰখা হৈছিল। কেন্দ্রীয় আয়কৰ বিভাগৰ তৰফৰ পৰা সদৰী কৰিছে। যে বিভাগটোৰ ইতিহাসত প্ৰথমবাৰলৈ কোনাে এজন লােকৰ জিম্মাৰ পৰা সবাতােকৈ অধিক সংখ্যক নগদ ধন জব্দ কৰা হ’ল।

লক্ষ্যণীয়ভাৱে বিপুল সম্পত্তিৰ অধিকাৰী হােৱা সত্ত্বেও অতি সাধাৰণভাৱে জীৱন অতিবাহিত কৰিছিল জৈনে। প্রকৃততে কণৌজৰ বাসিন্দা যদিও সম্প্রতি তেওঁ কানপুৰত নিগাজিকৈ থাকি ব্যৱসায় অব্যাহত ৰাখিছে। জৈন আৰু তেওঁৰ ভ্রাতৃ অম্বৰীশ জৈনে যৌথভাৱে চলাই আছে সুগন্ধি দ্রব্যৰ ব্যৱসায়।

বিশেষকৈ পান মছলা কোম্পানীসমূহক সুগন্ধি যােগান ধৰিয়ে তেওঁলােকৰ ব্যৱসায়ে বিয়াগােম ৰূপ ধাৰণ কৰে। আয়কৰ বিভাগৰ সূত্রই জনােৱা মতে, শিখৰ নামৰ গােটখা কোম্পানীৰ এজন প্রস্তুতকাৰকক বিভাগটোৱে জালত পেলাইছিল।

তেতিয়াই জৈনৰ তথ্য বহির্ভূত বিপুল সম্পত্তিৰ বিষয়টো পােহৰলৈ আহে। সুগন্ধি দ্রব্যৰ উপৰি তেওঁৰ পেট্রল পাম্প, পান মছলা আদি একাধিক ব্যৱসায় আছে। অধিকাংশ ক্ষেত্ৰতে তেওঁ নগদ ধনৰ লেনদেন কৰিছিল। বিপুল পৰিমাণৰ জিএছটি ফাকি দিয়াৰ বাবেই নগদ ধনৰ লেনদেন কৰিছিল বুলি সন্দেহ কৰা হৈছে।

আয়কৰ বিভাগে জনাইছে যে অতি সাধাৰণভাৱে থাকিলেও ব্যৱসায়ী জৈনৰ ডুবাইত দুটা বিলাসী বাসভৱন আছে। আন দেশতাে সম্পত্তি থকাৰ সন্দেহ কৰা হৈছে। কানপুৰ আৰু কণৌজকে ধৰি আছে মুঠ সাতটাকৈ দালান। ইয়াৰে দুটা মুম্বাইত আৰু এটা দিল্লীত আছে।

অভিযানকাৰী দলে ইতিমধ্যে ধৃত জৈনৰ কণৌজৰ পিতৃগৃহত ১৮টা আলমিৰাৰাে সন্ধান পাইছে। লগতে পাইছে পাঁচটা চাবি। সেই চাবিসমূহেৰে আলমিৰাকেইটা খুলি তালাচী চলােৱাৰ বাবেও আয়কৰ বিভাগ সাজু হৈছে।

আয়কৰ বিভাগে জনােৱা মতে, ধৃত জৈনে কানপুৰতে তেওঁৰ সুগন্ধিৰ ব্যৱসায় আৰম্ভ কৰিছিল। সুগন্ধি তৈয়াৰ কৰাত তেওঁৰ দক্ষতা আছিল আৰু সেই শিক্ষা আহৰণ কৰিছিল পিতৃৰ পৰা। বিগত ১৫টা বছৰত তেওঁ নিজৰ ব্যৱসায় দেশৰ বিভিন্ন প্রান্তলৈ সম্প্ৰসাৰণ কৰে।

শেহতীয়াকৈ মুম্বাই আৰু গুজৰাটতাে তেওঁ নিজৰ ব্যৱসায় প্রতিষ্ঠা কৰিছিল। ব্যৱসায়ত উন্নতিৰ লগে লগে জৈন ভ্রাতৃদ্বয়ে তেওঁলােকৰ কণৌজৰ বাসগৃহটো সাতশ বর্গ ফুটৰ বিলাসী দালানলৈ ৰূপান্তৰিত কৰিছিল। তৎসত্ত্বেও তেওঁ অতি সাধাৰণ জীৱন অতিবাহিত কৰিছিল।

ধৃত জৈনে সততে এখন পুৰণি মাৰুতি গাড়ীহে ব্যৱহাৰ কৰিছিল। স্থানীয় লােকে জনােৱা মতে, কণৌজৰ গৃহলৈ আহিলে তেওঁক এখন পুৰণি স্কুটাৰ চলাই ঘূৰি ফুৰা দেখা গৈছিল আৰু অতি সাধাৰণভাৱে কটাইছিল। সেইবাবেই জৈনৰ জিম্মাৰ পৰা বিয়াগােম পৰিমাণৰ নগদ ধন জব্দ হােৱা ঘটনাই স্থানীয় লােককো স্তম্ভিত কৰি তুলিছে।

Exit mobile version