‘গার্ড’ কিনিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । অৱশ্যে এই ‘গার্ড’ ৰক্ষী নহয় । বৰঞ্চ ‘ৰক্ষাকাৰী বর্ম’ বুলিব পাৰি । এনে বর্ম যাক গাত পৰিধান কৰি নোৱাৰে ।
সম্প্রতি বর্মটো দেখা গৈছে দিল্লীত । হায়দৰাবাদ হাউছৰ সন্মুখত ৰখাই থোৱা আছিল । তাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক অভ্যর্থনা জনাবলৈ গৈছিল প্রধানমন্ত্রী মোদী ।
কিচকিছিয়া ক’লা বৰণৰ । খিৰিকীত ক’লা কাঁচ । চাৰি চকাৰ লিমুজিন । এইটোৱে মোদীৰ নতুন বাহন । নতুন বর্ম । নাম ‘গার্ড’ ।
‘গার্ড’ মোদীৰ জিম্মাত থকা বাহনৰ তালিকাত নতুন সংযোজন । গাড়ী প্রস্তুতকাৰী সংস্থা মার্চিডিজে নিৰ্মাণ কৰিছে । গার্ডৰ সম্পূৰ্ণ নাম মার্চিডিজ-মে বেচ এছ ৬৫০ গার্ড । এইটো মার্চিডিজ-ৰ এছ ছিৰিজৰ সাম্প্রতিকতম মডেল ।
মার্চিডিজ-ৰ ‘এছ ছিৰিজ’ গাড়ীৰ জগতত বেচ দৰ । তাৰ কাৰণ এই গাড়ীৰ ব্যৱহাৰকাৰীসকল । মূলত ৰাষ্ট্রপ্রধানসকলেই এছ ছিৰিজৰ গাড়ীৰ ক্রেতা । কিয়নো বিশেষজ্ঞসকলৰ মতে, এছ ছিৰিজৰ দৰে যাত্রী-নিৰাপত্তা খুব কম গাড়ীয়েই দিব পাৰে ।
প্ৰধানমন্ত্ৰী মোদী বাহনৰ বিষয়ত চৌখিন । সেয়ে মুখ্যমন্ত্রীত্বৰ সময়ৰ পৰাই তেওঁৰ বাহন নির্বাচনে দৃষ্টি আকৰ্ষণ কৰি আহিছে । প্রথমে এটা বুলেটপ্রুফ মাহিন্দ্রা স্কর্পিঅ’ ব্যৱহাৰ কৰিছিল । ২০১৪ত প্রধানমন্ত্রী হোৱাৰ পাছত পুৰণি বাহন সলনি কৰে । প্রধানমন্ত্রী মোদীৰ বাহন বিএমডব্লিউ-ৰ ছেভেন ছিৰিজৰ গাড়ী । বিএমডব্লিউ-ৰ উচ্চ নিৰাপত্তা সম্পন্ন যিসমূহ গাড়ী আছে, তাৰ ভিতৰত এইখন অন্যতম ।
প্ৰধানমন্ত্ৰীগৰাকীক সঘনাই বাহন সলনি কৰা দেখা গৈছে । সাত বছৰত দুবাৰ গাড়ী সলনি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্রথমে লেণ্ড ৰোভাৰৰ ৰেঞ্জ ৰোভাৰ ভোগ গাড়ীখন কিনিছিল ।
‘গার্ড’-ৰ আগতে প্ৰধানমন্ত্ৰী মোদীয়ে শেষ কিনা গাড়ীখন আছিল টয়োটাৰ লেণ্ড ক্রুজাৰ । এই গাড়ীৰ বৈশিষ্ট্য আছিল ১৬টা কেমেৰাত দৃষ্টি নিক্ষেপৰ ব্যৱস্থা । লগতে টয়োটাথ এই গাড়ীত ব্যৱহাৰকাৰীসকলৰ চাহিদাৰ দৰে পৰিৱর্তনো আনিব পাৰি ।
টয়োটাৰ এই গাড়ীৰো অৱশ্যে নাম কাটা গৈছে মোদীৰ গাড়ীৰ তালিকাৰ পৰা । প্ৰধানমন্ত্ৰী মোদীৰ নতুন বিশ্বস্ত সংগী ‘গার্ড’ । কিন্তু গার্ড-ৰ বৈশিষ্ট্য কি ?
এছ ৬৫০ গার্ড-ৰ বৃহৎ গুণ হ’ল গুলি মোকাবিলা কৰাৰ ক্ষমতা । গার্ডে বর্মভেদী বুলেটকো বাধা দিব পাৰে । তদুপৰি একে-৪৭-ৰ গুলিৰ আঘাতো প্রতিহত কৰিব পাৰে মোদীৰ নতুন বাহনে ।
আৰু কী ক্ষমতা আছে ? মোদীৰ এই নতুন বর্ম-বাহনে বিস্ফোৰণৰ পৰাও সুৰক্ষা প্ৰদান কৰিব । দুই মিটাৰ দূৰত্বৰ পৰা যদি কোনো ১৫ কেজিৰ বিস্ফোৰকো বিস্ফোৰণ হয়, তেতিয়াও বনেটত চাপ নপৰিব ‘গার্ড’-ৰ ।
এছ ৬৫০-ৰ খিৰিকীৰ ভিতৰত আছে পলি কার্বনেটৰ আস্তৰণ । মাইনজাতীয় বিস্ফোৰণৰ পৰা ৰক্ষা পাবলৈ গাড়ীৰ তলৰ অংশতো বিশেষ সুৰক্ষা বর্ম আছে । যদি গেছ আক্ৰমণো হয়, আৰোহীক বিশুদ্ধ বতাহ সৰবৰাহৰ ব্যৱস্থা কৰিব গার্ডে ।
এই গাড়ীৰ ইঞ্জিন ৬.০ লিটাৰ টুইন টার্বো ভি ১২ । যি ৫০০ হর্ছপাৱাৰ আৰু ৯০০ নিউটন মিটাৰ শক্তি উৎপাদন কৰিব পাৰে । নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ গাড়ীৰ গতি নিয়ন্ত্রিত হ’ব ।
টায়াৰ পাংচাৰ কৰিও বিপদত পেলাব নোৱাৰিব মোদীৰ নতুন গাড়ীক । কাৰণ গাড়ীৰ চাৰিটা চকাই নিৰেট বা ফ্লেট টায়াৰেৰে নিৰ্মিত ।
প্ৰধানমন্ত্ৰী মোদীৰ নতুন বাহনৰ নিৰাপত্তাক ভিআৰ-১০ স্তৰৰ সুৰক্ষা বুলি চিহ্নিত কৰা হৈছে । সম্প্ৰতি গাড়ীৰ জগতত এইটোৱে সর্বোচ্চ নিৰাপত্তা ।
নিশাৰ অন্ধকাৰত দূৰৰ পৰা যিকোনো বস্তুকে চিহ্নিত কৰাৰ ক্ষমতা আছে এই গাড়ীৰ । চালকৰ উলোটা দিশৰ আইনাত ব্লাইণ্ড স্পটৰ পৰাও যদি কোনো গাড়ীয়ে আক্ৰমণ কৰিব বিচাৰে, তেতিয়া চালকৰ চকুত ধৰা পৰিব ।
বৃহৎ দুর্ঘটনাৰ পৰা হাত সাৰিবলৈ গাড়ীৰ পাছফালৰ আসনতো এয়াৰবেগ সুৰক্ষা আছে । তদুপৰি ছিট বেল্টে যাতে বুকুৰ ওপৰত অতিৰিক্ত চাপ নিদিয়ে, তাৰ বাবে বেল্টৰ ভিতৰতো এয়াৰবেগ আছে ।
এটা এছ ৬৫০ গার্ডৰ মূল্য ১২ কোটি টকা । প্রধানমন্ত্রীৰ নিৰাপত্তাৰ বাউ দুটা গাড়ী কিনা হৈছে । ইয়াৰে এটা প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰিব । অন্যটো থাকিব সম্ভাব্য আক্ৰমণকাৰীক বিভ্রান্ত কৰিবৰ বাবে ।