বছৰৰ প্ৰথম দেওবাৰত লোকে লোকাৰণ্য মানাহ

বনভোজকাৰী দলেৰে উথপথপ পৰিৱেশ

ed76e3af 2b2b 4cc3 9ae1 f53473299f52

হিমালয়ৰ পাদদেশত অৱস্থিত মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ যিয়ে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকক অহৰ্নিশে হাতবাউলি মাতে৷ব্যাঘ্ৰ প্ৰকল্পখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বুকু আজি ইংৰাজী বছৰৰ প্ৰথম দেওবাৰটোত লোকে লোকাৰণ্য হৈ পৰিল৷

প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে লগেভাগে এসাঁজ বালিভোজ খাবলৈ মানাহৰ দাঁতিকাষৰীয়া বনভোজস্থলী নাৰায়ণগুৰি আৰু মথনগুৰিত ৰাতিপুৱাৰে পৰা অহা হেজাৰ হেজাৰ লোকে যেন মানাহক এক নতুন মাত্ৰাহে প্ৰদান কৰিলে৷

বিভিন্ন প্ৰান্তৰ পৰা সৰু-বৰ গাড়ীৰে মানাহত আজি উপস্থিত হোৱা হেজাৰ হেজাৰ লোকক পাৰ্যমানে সহায়-সহযোগ আগবঢ়ালে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ,স্থানীয় এনজিঅ’ তথা আৰক্ষী প্ৰশাসনৰ লোকে৷বালিভোজৰ লগতে নৃত্য গীত পৰিৱেশন কৰি বনভোজকাৰী দলে মানাহক অপূৰ্ব সুন্দৰ ৰূপত সজাই পৰাই তুলিলে৷

উল্লেখ্য যে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় মুখ্য প্ৰবেশদ্বাৰৰ পৰা দক্ষিণে প্ৰায় এক কিল’মিটাৰ দূৰৰ নাৰায়ণগুৰিৰ বালিচৰত বনভোজ দলবোৰে আনন্দ উল্লাস কৰিব পৰাৰ সমান্তৰালভাৱে কাষেৰে বৈ যোৱা সুশীতল বেঁকী নৈৰ পানী যুঁৱলিত নানান জলক্ৰীড়া কৰিব পাৰে বনভোজকাৰী দলে৷

একেদৰে নাৰায়ণগুৰিত নৌকা বিহাৰৰো ব্যৱস্থা কৰা হৈছে৷এক কথাত ক’বলৈ গ’লে নাৰায়ণগুৰি আৰু মথনগুৰিত উপস্থিত হৈয়েই বনভোজকাৰী দলৰ লগতে দেশীবিদেশী পৰ্যটকে মানাহৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব পাৰে৷

Exit mobile version