আমেৰিকাত বাঢ়িছে অ’মিক্ৰন, বিপদগ্ৰস্ত হ’ব পাৰে অৰ্থনীতি ,শংকা বিশেষজ্ঞৰ

1641104644 america

আমেৰিকাত কৰ’নাৰ সংক্ৰমণ পুনৰ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞই সতর্ক কৰি কৈছে যে যিদৰে ক’ভিডৰ নতুন প্রজাতি অ’মিক্ৰনৰ সংক্রমণ দেশখনত বৃদ্ধি পাবলৈ ধৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখিলে ২০২২ৰ আৰম্ভণিতে আমেৰিকাবাসীৰ দৈনন্দিন জীৱনলৈ আমূল পৰিৱৰ্তনৰ আগমন হ’ব পাৰে।

ব্রাউন ইউনিভাৰচিটী স্কুল অৱ পাব্লিক হেলথৰ ইমাৰজেঞ্চি মেডিচিনৰ অধ্যাপক মেগান ৰানীয়ে কয়, ‘অ’মিক্রন সর্বত্র বিয়পিছে।

পৰিস্থিতি এনে হৈছে যে আগন্তুক কেবামাহৰ ভিতৰত আমাৰ অর্থনীতি ভাঙি পৰিব বুলি শংকা হৈছে। ফেডালে চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নীতিৰ কাৰণে নহয়, বৰঞ্চ অনেক লােক অসুস্থ হােৱাৰ ফলত আমাৰ অর্থনীতি ভাঙি পৰিব পাৰে।’

জন্স হপকিন্স ইউনিভাৰচিটীৰ শেষতীয়া তথ্য অনুসৰি, বিগত সাতদিনত ক’ভিডৰ সংক্রমণে নতুন অভিলেখ ৰচিলে আমেৰিকাত।

Exit mobile version