Galwan : গলৱানত চীনৰ পতাকা উত্তোলন সেনাৰ, চৰকাৰী টুইটাৰৰ দাবীক লৈ বিতর্ক

b06kit8o chinese flag

ভাৰত-চীন সীমান্তত গলৱান উপত্যকাথ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে চীনৰ সেনাই । চীনৰ চৰকাৰী টুইটাৰ হেণ্ডেলৰ পৰা এই সংক্রান্তত এটা ভিডিঅ’ ভাইৰেল হৈ পৰাত তাক লৈ তুমুল বিতর্ক আৰম্ভ হয় । যদিও ভাৰতীয় সেনা সূত্রে খবৰ, যিটো অঞ্চলত চীনা সেনা পতাকা উত্তোলন কৰিছে, সেয়া বিতর্কিত অঞ্চলৰ পৰা বহু দূৰত ।

চীনৰ চৰকাৰী টুইটাৰ হেণ্ডলত লিখা হৈছে, ‘২০২২ নৱবর্ষত গলৱানত চীনৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছে । এক বিশেষ কাৰণত এই পতাকা উত্তোলন কৰা হৈছিল তিয়েনানমেন স্কোৱেৰত । ছবিত দেখা গৈছে, চীনৰ এখন পতাকা এটা আংশিক বৰফেৰে ঢকা পাহাৰীয়া অঞ্চলত তোলা হৈছে । কাষত সশস্ত্র বাহিনীৰ সদস্যসকলো আছে ।

২০২০ৰ জুনত নদীৰ কাষৰ যিটো স্থানত ভাৰত-চীন সেনাসকলে সংঘর্ষত লিপ্ত হৈছিল ভিডিঅ’ত দেখা ঠাইডোখৰ সেই বিতর্কত স্থানটো নহয় ।

ভাৰত আৰু চীনৰ এই সংঘর্ষৰ পৰিপ্রেক্ষিতত ২০২০ৰ জুলাইত দুখন দেশেই আলোচনাত মিলিত হয় । ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্রী ৱাঙে এই বৈঠকত উপস্থিত আছিল ।

Exit mobile version