এইবাৰ কৰ’নাত সংক্ৰমিত হ’ল বলিউডৰ অভিনেতা জন আব্ৰাহম । জনৰ লগতে তেওঁৰ পত্নী প্ৰিয়া ৰুঞ্জালো সংক্ৰমিত হ’ল কৰ’নাত ।
ADVERTISEMENT
সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰি অভিনেতাজনে জনোৱা অনুসৰি, তেওঁ আৰু পত্নীয়ে কৰ’নাত দুপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো এই ভাইৰাছত সংক্ৰমিত হ’ল ।
সম্প্ৰতি অভিনেতাজনৰ লগতে পত্নীও নিভৃতবাসত আছে । উভয়ৰে শৰীৰত ক’ভিডৰ মৃদু উপসৰ্গ আছে ।