Amitabh Bachchan : অমিতাভৰ বাসগৃহত কৰ’নাৰ আক্ৰমণ

1638599317 amitabh 9

পুনৰ অমিতাভ বচ্চনৰ বাসগৃহ ‘জলছা’ত কৰ’নাৰ আক্ৰমণ । ক’ভিডত আক্ৰান্ত হৈছে প্ৰবীণ অভিনেতাজনৰ এজন কৰ্মচাৰী । দুই জানুৱাৰীত অমিতাভৰ বাসগৃহত কৰ্মচাৰীসকলৰ ক’ভিড পৰীক্ষা কৰোৱা হয়।পৰীক্ষা কৰা ৩১ জনৰ ভিতৰত এজন ব্যক্তিৰ দেহত পোৱা গৈছে ক’ভিডৰ উপস্থিতি ।

টুইটাৰত অমিতাভে লিখিছে, ‘ঘৰত ক’ভিড পৰিস্থিতিৰ স’তে মোকাবিলা কৰি আছো । আপোনালোকৰ স’তে পুনৰ কথা পাতিম।’

বহুতে এই টুইট দেখাৰ পাছত, বচ্চন পৰিয়ালৰ কোনো সদস্য পুনৰ কৰ’নাত আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰে । এতিয়া চিন্তিত ‘বিগ বি’ৰ অনুৰাগীসকল।

Exit mobile version