Covid in Maharashtra: মহাৰাষ্ট্ৰত ক’ভিডৰ দৈনিক সংক্ৰমণ বৃদ্ধি প্ৰায় ৫১%

omicron pti image 1640922733 1

দেশত ক’ভিডৰ দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত প্ৰথম স্থানলৈ ঘূৰি আহিছে মহাৰাষ্ট্ৰ । ইয়াৰ লগতে এদিনতে মহাৰাষ্ট্ৰত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পালে প্ৰায় ৫১ শতাংশ ।

সোমবাৰে মহাৰাষ্ট্ৰত ক’ভিড আক্ৰান্তৰ সংখ্যা আছিল ১২ হেজাৰ ১৬০ জন । অৱশ্যে, মঙলবাৰে আক্রান্তৰ সংখ্যা ১৮হেজাৰ ৪৬৬ জনলৈ বৃদ্ধি হৈছে।

তথ্য অনুষ্ঠিত মুম্বাই চহৰতো সোমবাৰৰ তুলনাত মঙলবাৰে সংক্ৰমণ ৩৪ শতাংশ বৃদ্ধি পাইছে। মঙলবাৰে মুম্বাইত মুঠ আক্ৰান্তৰ সংখ্যা আছিল ১০ হেজাৰ ৮৬০ জন। আক্রান্তৰ ৮৯ শতাংশই উপসর্গহীন বুলি জনাইছে প্ৰশাসনে ।

একে সময়তে, মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ২০ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। মুম্বাইৰ ক’ভিড বুলেটিন অনুসৰি, নতুন আক্ৰান্তসকলৰ ৮৩৪ জনক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল যাৰ ভিতৰত ৫২ জন ৰোগীক অক্সিজেনৰ প্ৰয়োজন হৈছে।

বিশেষজ্ঞসকলে মুম্বাইকে ধৰি মহাৰাষ্ট্ৰৰ মুখ্য চহৰসমূহত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ বাবে অ’মিক্ৰনৰ নতুন প্ৰকাৰক দোষাৰোপ কৰিছে।

বিগত ২৪ ঘণ্টাত, মহাৰাষ্ট্ৰত ৭০ জন লোক নতুনকৈ অ’মিক্ৰনত আক্রান্ত হৈছে। মহাৰাষ্ট্ৰত এতিয়ালৈকে অ’মিক্ৰন ৰোগীৰ মুঠ সংখ্যা ৬৫৩জন। ইয়াৰ ভিতৰত, মুম্বাইত ৪০৮ জন আৰু পুনেত ৭১ জন আক্রান্ত হৈছে।

Exit mobile version