Omicron : অ’মিক্রন সংক্রমণে মাতি আনিব পাৰে কৰ’নাৰ আৰু ভয়ংকৰ ৰূপ, সতর্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

1641367923 varrient

অ’মিক্রনৰ ক্রমবর্ধমান সংক্রমণৰ সময়তে নতুন উদ্বেগৰ কথা জনালে বিশ্ব স্বাস্থ্য সংস্থাই । নিশ্চিত নহ’লেও অনেকেই কৈছে, কৰ’নাৰ নতুন ৰূপ অ’মিক্রন সংক্রামক হ’লেও তাৰ ক্ষতি কৰাৰ শক্তি কম । কিন্তু বিশ্ব স্বাস্থ্য সংস্থা(হু)য়ে অন্য কথা জনাইছে । ইউৰোপত এই সংস্থাৰ আপৎকালীন বিষয়া কেথৰিন স্মলউডে সতর্ক বাৰ্তা দিছে যে, ক্রমবর্ধমান অ’মিক্রন সংক্রমণৰ বিপৰীত প্রতিক্রিয়া হ’ব পাৰে ।

কি সেই প্রতিক্রিয়া ? স্মলউড সংবাদ সংস্থা এএফপি-কে জনাইছে, ‘‘আমি ভয়াৱহ পৰিস্থিতিত আছো । সংক্রমণৰ হাৰ বিপুল হাৰত বাঢ়ি়ছে । ইয়াৰ প্রকৃত প্রভাৱ এতিয়াও স্পষ্ট নহয় ।’’ বিপদ অন্য ঠাইৰ পৰা আহিব পাৰে বুলি শংকা স্মলউডৰ । প্রবল সংক্রমণৰ মাজতে জন্ম হ’ব পাৰে কৰ’নাৰ অন্ত কোনো ভয়াৱহ ৰূপৰ ।

ইউৰোপত অতিমাৰী আৰম্ভ হোৱাৰ সময়ৰ পৰা মুঠ ১০ কোটি লোক আক্রান্ত হৈছে । বিগত বছৰৰ শেষ সপ্তাহতেই আক্রান্ত হৈছে ৫০ লাখ । স্মলউডে জনাইছে, সম্প্ৰতি ব্যক্তিগত স্তৰত হাস্পাতালত ভর্তি হোৱাৰ শংকা বহু পৰিমাণে কমিছে । অৱশ্যে ডেল্টাৰ তুলনাত অ’মিক্রনত আক্রান্তৰ সংখ্যা বহু বেছি । তেনে সময়তে নতুনকৈ কোনো ৰূপৰ জন্ম হ’ব পাৰে ।

Exit mobile version