Sonu Nigam : সপৰিয়ালসহ ক’ভিডত আক্ৰান্ত ছনু নিগম

26sonu6

পৰিয়ালসহ ক’ভিডত আক্ৰান্ত বলিউডৰ গায়ক ছনু নিগম ।টুইট কৰি ছনুৱে নিগমে নিজেই এই কথা জনালে । তেওঁৰ উপৰিও তেওঁৰ পত্নী মাধুৰীমা নিগম আৰু পুত্ৰ নীভমো ক’ভিড আক্ৰান্ত হৈছে ।

ছনুৰ পৰিয়াল বৰ্তমান ডুবাইত আছে। তেওঁ এটা অনুষ্ঠানৰ দৃশ্যগ্ৰহণৰ বাবে কেইদিনমানৰ ভিতৰতে ভুৱনেশ্বৰলৈ যোৱাৰ কথা আছিল। কিন্তু ক’ভিড আক্ৰান্ত হোৱাৰ বাবে নিভৃতবাসত আছে তেওঁ। ছনুৱে জনাইছে,মৃদু উপসর্গ পৰিলক্ষিত হৈছে তেওঁৰ । সেয়ে অসুস্থ বোধ কৰা নাই।

মঙলবাৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল চনুয়ে । তাত তেওঁ কৈছে, “মই বৰ্তমান ডুবাইত আছোঁ। দেশলৈ উভতি অহাৰ কথা আছিল । ভুৱনেশ্বৰত এটা ৰিয়েলিটি শ্ব’ৰ দৃশ্যগ্ৰহণ কথা আছিল । কিন্তু ক’ভিড পজিটিভ ধৰা পৰাৰ বাবে এতিয়া নিভৃতবাসত আছোঁ ।যিমান বাৰ পৰীক্ষা কৰোৱা হৈছে সিমান বাৰে ৰিপৰ্ট পজিটিভ আহে ।মই সুস্থ আছোঁ ।কিন্তু আমাৰ বাবে যিসকলৰ ক্ষতি হ’ল তেওলোকৰ বাবে বেয়া লাগিছে । ‘ সম্প্ৰতি বহুতো তাৰকা ক’ভিডত আক্ৰান্ত হৈছে । তেওঁলোকৰ ভিতৰত আছে দিলানাজ

Exit mobile version