ইণ্ডিয়া গেটত স্থাপিত হ’ব নেতাজিৰ মূর্তি, টুইট প্রধানমন্ত্রীৰ

1015827 nscb

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুকুৰবাৰে ঘোষণা কৰিলে ইণ্ডিয়া গেটত স্বাধীনতা সংগ্রামী নেতাজি সুভাষ চন্দ্র বসুৰ এটা বিশাল মূর্তি স্থাপন কৰা হ’ব । তেওঁৰ প্রতি ভাৰতৰ ঋণৰ প্রতীক হিচাপে প্রতিষ্ঠা কৰা হ’ব এই মূর্তি । আইকনিক মূর্তিটোত স্বাধীনতা আন্দোলনত তেওঁৰ অৱদানক সন্মান জনোৱা হ’ব ।

প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰিছে যে গ্রেনাইটেৰে তৈয়াৰী নেতাজি সুভাষ চন্দ্র বসুৰ এই মূর্তিটো সম্পূর্ণ নোহোৱা পর্যন্ত তেওঁৰ এটা হলোগ্রাম মূর্তি একেই স্থানত থাকিব । প্রধানমন্ত্রী আৰু জনায় যে তেওঁ আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতাৰ ১২৫ তম জন্মবার্ষিকীত ২৩ জানুৱাৰীত হলোগ্রাম মূর্তিটো উন্মোচন কৰিব ।

প্রধানমন্ত্রীগৰাকীয়ে টুইট কৰি কয়, “সমগ্র দেশবাসীয়ে নেতাজি সুভাষ চন্দ্র বসুৰ ১২৫ তম জন্মবার্ষিকী উদ্‌যাপন কৰাৰ সময়ত, মই আনন্দৰে জনাওঁ যে গ্রেনাইটেৰে তৈয়াৰী তেওঁৰ এটা বিশাল মূর্তি ইণ্ডিয়া গেটত স্থাপন কৰা হ’ব ৷ এইটো তেওঁৰ প্রতি ভাৰতৰ ঋণৰ প্রতীক হ’ব ।”

Exit mobile version