Airport Rule : ইচ্ছা মতে হাতত বেগ লৈ বিমানত উঠিব নোৱাৰিব, কঠোৰ নিয়ম দেশত

5aadd208 7aeb 11ec 8d96 73532ee3fb0e 1642791397615

বিমানত উঠাৰ সময়ত হাতত ৰখা বেগৰ সংখ্যা নিৰ্ধাৰণ কৰিলে কেন্দ্রীয় চৰকাৰে । এই সন্দৰ্ভত ব্যুৰ’ অৱ চিভিল এভিয়েছন ছিকিউৰিটি (বিচিএএছ)এ এটা বিজ্ঞপ্তি জাৰি কৰিছে । দেশৰ সকলো বিমানবন্দৰ কর্তৃপক্ষক এই মর্মে নির্দেশো প্ৰেৰণ কৰা হৈছে । নিৰ্দেশনা অনুসৰি, দেশত চলা কোনো বিমানত যাত্রীয়ে এটাতকৈ অধিক বেগ হাতত লৈ উঠিব নোৱাৰিব । যাত্রীসকলক এই বিষয়ে অৱগত কৰিবলৈ বিমানৰ টিকিটতেই ‘ৱান হেণ্ড বেগ ৰোল’ জনায় দিবলৈ কোৱা হৈছে সকলো বিমান সংস্থাক ।

এই পৰ্যন্ত মহিলাসকলৰ লগত থকা ‘লেডিজ বেগ’-ক হেণ্ড বেগ হিচাপে ধৰা হোৱা নাছিল । সম্প্ৰতি ইয়াক এটা বেগ হিচাপে গণ্য কৰা হ’ব । নতুন বিজ্ঞপ্তিত কোৱা হৈছে, একাধিক ক্ষেত্রতে দেখা যায়, যাত্রীসকলে দুটা-তিনিটা বেগ হাতত লৈ বিমানত উঠে । কিন্তু ইয়াৰ ফলত বিমানত উঠাৰ আগতে স্ক্রিনিঙৰ বাবে অধিক সময় লাগে । সেয়ে প্ৰতিজন যাত্রীকে বেগ লৈ বিমানত ভ্ৰমণ কৰাৰ অনুমতি দিয়া হ’ব । বাকী বেগ লাগেজ হিচাপে বিমানত উঠাৰ লাগিব ।

নিৰ্দেশনা অনুসৰি, চেকিং বা স্ক্রিনিঙৰ বাবে যোৱাৰ আগতে যাত্রীসকলৰ লগত অতিৰিক্ত বেগ আছে নেকি, সেয়া নিশ্চিত কৰিব লাগিব বিমানসংস্থাই । ইয়াৰ বাবে কর্মচাৰী নিয়োগ কৰি যাত্রীসকলক সতর্ক কৰিব লাগিব ।

এই নীতি কার্যকৰী কৰিবলৈ কেন্দ্র‌ই বিমানসংস্থাবোৰক বিমানৰ টিকিটৰ পৰা ব’র্ডিং পাছত ‘এক যাত্রী, এক বেগ’ ছপা কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ উপৰি বিমানবন্দৰত হ’র্ডিং, বেনাৰ, ব’র্ড, ষ্টেণ্ডি লগাই ইয়াৰ প্রচাৰ কৰিব লাগিব । চেক-ইন কাউন্টাৰৰ পৰা যাত্রীসকলৰ অপেক্ষা কৰাৰ স্থান— সর্বত্র এই বিজ্ঞাপন থাকিব লাগিব । কেন্দ্রৰ মতে, যথা সম্ভৱ আগতে যাত্রীসকলক নতুন নীতিৰ কথা জনাব লাগিব । লক্ষ্য ৰাখিব লাগিব যে, বিমানবন্দৰত অহাৰ পাছতো যাতে যাত্রীসকলে হাতত থকা বেগৰ সংখ্যা কমাব পাৰে ।

Exit mobile version