Drunk Driving : জেল – জৰিমনা নহয় ,নিশা চিকিৎসালয়ত মৰ্গ চাফা কৰাৰ শাস্তি দিয়া হ’ল সুৰামত্ত চালকক

death clean up san antonio

সুৰাপান অৱস্থাত ধৰা পৰিলে ১১জন গাড়ীচালক । চালান কটা বা জৰিমনা বিহা নহয়,তেওঁলোকক দিয়া হ’ল এটা অদ্ভুত শাস্তি !

চালকসকলক লৈ গৈ ৰখা হ’ল চিকিৎসালয়ৰ মৰ্গত আৰু নিৰ্দেশ দিয়া হ’ল এটা ৰাতি মৰ্গত পহৰা দিয়া আৰু পৰিষ্কাৰ কৰা ।

সাধাৰণতে, যান-বাহনৰ নিয়ম ভংগ কৰিলে বা সুৰাপান কৰি গাড়ী চলোৱাত ধৰা পৰিলে জৰিমনা, চালান আৰু অত্যাধিক বেছি হ’লে আটক কৰা হয় ।

কিন্তু টাইৱান আৰক্ষীয়ে সেই পথত যোৱা নাই । জৰিমনা বা চালান কৰ্তন কৰাৰ পৰিৱৰ্তে, চালকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ তেওঁলোকক মৰ্গলৈ প্ৰেৰণ কৰা হয়।

কিয় এই অদ্ভুত শাস্তি ? অডিটচেণ্ট্ৰেল নামৰ এটা ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, পথ দুৰ্ঘটনাত প্ৰতিদিনেই মৃত্যু মুখত পৰিছে বহু লোক। সেইয়া পথচাৰী হওঁক বা চালকে হওঁক।

গতিকে মৃত্যু যে কিমান ভয়ংকৰ তাক দেখুৱাবলৈ আৰু চালকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ এই নতুন শাস্তি জাৰি কৰিছে।

তাৰ মেয়ৰে ঘোষণা কৰিছে যে যদি অনাগত দিনত এজন চালক সুৰাপান কৰি ধৰা পৰে, তেন্তে তেওঁলোকক একেধৰণে শাস্তি দিয়া হ’ব। টাইৱানৰ সেই চহৰখনত এনে এক অদ্ভুত শাস্তি এতিয়া ভাইৰেল হৈ পৰিছে আৰু বহুতে এনে শাস্তিক প্ৰশংসা কৰিছে।

Exit mobile version