Cinema Halls: ৫০ শতাংশ দৰ্শকৰ স’তে প্ৰেক্ষাগৃহ খুলিছে দিল্লীত , বলিউডত আশাৰ ৰেঙনি

1610954619 6005377b7e0a0 cinema hall

কৰ’না সংক্ৰমণৰ মাত্ৰা হ্ৰাস হোৱাৰ লগে লগেই আশাৰ ৰশ্মি । বৃহস্পতিবাৰৰ পৰা ৰাজধানীত ৫০ শতাংশ দৰ্শকৰ স’তে ছবিগৃহ খোলাৰ অনুমতি দিছে দিল্লী চৰকাৰে ।

অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱাত দিল্লীত চিনেমা হল আৰু মাল্টিপ্লেক্স বন্ধ কৰাৰ নিৰ্দেশ দিছিল মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিয়ালে ।

ফলস্বৰূপে সমস্যাত পৰিছিল ছবি ব্যৱসায়ীসকল । এইবাৰ, পেক্ষাগৃহ খোলাৰ অনুমতি পাই প্ৰাণ পালে হলৰ মালিকসকলে । সকলোৱে আশা ,ফেব্ৰুৱাৰীত পুনৰ গতিত চলিব উদ্যোগ ।

নতুনকৈ ক’ভিডৰ ফলত হোৱা সন্ত্ৰাসৰ ফলত দিল্লীত প্ৰেক্ষাগৃহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল কেজৰি চৰকাৰে ।একে পথ অনুসৰণ কৰে আৰু কেবাখনো ৰাজ্যই ।

পশ্চিম বংগকে ধৰি কেবাখনো ৰাজ্যত প্ৰেক্ষাগৃহত দৰ্শনাৰ্থীৰ সংখ্যা হ্ৰাস কৰা হৈছিল। সৰ্বোপৰি, প্ৰযোজক আৰু পৰিচালকসকলে বৃহৎ লোকচানৰ আশংকাৰ বাবে কেবাখনো চলচ্চিত্ৰৰ মুক্তি স্থগিত ৰাখিছিল।

যিহেতু বৰ্তমান কৰ’না সংক্ৰমণ হ্ৰাস হোৱা আৰম্ভ হৈছে, স্থগিত ৰখা চলচ্চিত্ৰসমূহৰ মুক্তিৰ তাৰিখ ইতিমধ্যে ফেব্ৰুৱাৰীৰ পৰা নিৰ্ধাৰণ কৰা হৈছে। এনে পৰিস্থিতিত, দিল্লীত ছবিগৃহ খোলাৰ সিদ্ধান্তই বলীউডক অলপ সকাহ দিয়ে।

Exit mobile version