দেশত যোৱা কিছুদিনৰ পৰা কৰ’না সংক্ৰমণৰ গ্ৰাফ হ্ৰাস পাই আহিছে, কিন্তু চিকিৎসকসকলৰ মতে বিপদ এতিয়াও সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই।
কৰ’নাৰ তৃতীয় ঢৌ (Covid-19) এতিয়াও বিপদজনক স্থানতে আছে। দেশত দৈনিক সংক্ৰমণ আঢ়ৈ লাখতকৈও ওপৰত আছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত দুই লাখ ৫১হেজাৰ ২০৯ জন ক’ভিডত আক্ৰান্ত হৈছে ।
এদিনত, দেশত কৰ’না সংক্ৰমণৰ ফলত ৬২৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও, যোৱা ২৪ ঘণ্টাত তিনি লাখ ৪৭ হেজাৰ ৪৪৩ জন লোক ক’ভিড মুক্ত হৈছে ।প্ৰতিবেদন অনুসৰি, বৰ্তমান দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ২১ লাখ পাছ হেজাৰ ৬১১ জন।
স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰে যে পশ্চিম বংগ, উত্তৰ প্ৰদেশ, দিল্লী, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত কৰ’না সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পাইছে৷ অৱশ্যে, কেন্দ্ৰই সতৰ্ক কৰি দিছে যে কৰ’নাৰ ডেল্টা প্ৰকাৰ এতিয়াও উৰিষ্যা, মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগত সক্ৰিয় হৈ আছে৷
ইয়াৰ উপৰিও, পশ্চিম বংগৰ জনসাধাৰণৰ বাবে ভাল খবৰ। ৰাজ্য চৰকাৰে আৰটিপিচিআৰ পৰীক্ষাৰ ব্যয় হ্ৰাস কৰিছে। ৯৫০ টকাৰ পৰিৱৰ্তে, আৰটিপিচিআৰ পৰীক্ষাৰ ব্যয় এতিয়া ৫০০টকালৈ বৃদ্ধি কৰা হৈছে।পৰীক্ষাৰ কিট আৰু অন্যান্য সঁজুলিৰ বজাৰ দাম হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যিক স্বাস্থ্য আয়োগে ।






























