Covid-19 : অ’মিক্ৰনতকৈও ভয়াৱহ কৰ’নাৰ পৰৱৰ্তী প্ৰকাৰ, বিয়পিব পাৰে দ্ৰুত গতিত : ‘হু’

Covid 19 7 16433540773x2 1

বিগত এসপ্তাহত, সমগ্ৰ বিশ্বতে ক’ভিড আক্রান্ত হৈছে মুঠ ২.১ কোটি লোক ! বিশ্ব স্বাস্থ্য সংস্থাই জানিবলৈ দিয়া মতে ক’ভিডৰ শেহতীয়া প্ৰকাৰ অ’মিক্ৰনতে শেষ নহয় । ক’ভিডৰ আন এটা প্ৰকাৰ দ্ৰুতগতিত আহি আছে বুলি অনুমান কৰে হু-ৰ বিশেষজ্ঞই ।যি অ’মিক্ৰনতকৈও দ্ৰুতগতিত বিয়পি পৰিব পাৰে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ এজন বিষয়াই শেহতীয়াকৈ জনাইছে, ক’ভিড-১৯ৰ পৰৱৰ্তী প্ৰকাৰটো অ’মিক্ৰনতকৈ অধিক সংক্ৰামক হ’ব। কিন্তু প্রশ্ন হয় যে কিমান প্ৰাণঘাতী হব এই নতুন প্ৰকাৰ ?

শেহতীয়াকৈ, বিশ্ব স্বাস্থ্য সংস্থাৰ ক’ভিড-১৯ বিভাগৰ কাৰিকৰী মুৰব্বী মাৰিয়া ভান কেৰখভে ছ’চিয়েল মিডিয়াত এক লাইভ আলোচনাত জনাইছে, বিগত সপ্তাহত ক’ভিড সংক্ৰমণ অভিলেখ হাৰত বৃদ্ধি পাইছে।

তেওঁ লগতে কয় যে এই সন্দৰ্ভত একমাত্ৰ আশাবাদী কথাটো হ’ল যে অ’মিক্ৰন ইয়াৰ আগৰ প্ৰকাৰবোৰৰ দৰে বিপদজনক নহয়।

অৱশ্যে, ক’ভিড-১৯ ৰ পৰৱৰ্তী প্ৰকাৰে উদ্বেগ বৃদ্ধি কৰিব পাৰে, যি আনতকৈ অধিক বিপদজনক হ’ব পাৰে। ই অ’মিক্ৰনতকৈ দ্ৰুতগতিত বিয়পিব পাৰে।

মাৰিয়াই কয় মূল প্ৰশ্নটো হ’ল, পৰৱৰ্তী প্ৰকাৰটো অধিক মাৰাত্মক হ’ব নে কম বিপদজনক হ’ব! তেওঁ সতৰ্ক কৰি দিয়ে যে মানুহৰ মনত এটা ধাৰণা চলি আছে যে সময়ৰ লগে লগে প্ৰকাৰবোৰ কম বিপদজনক চাপলৈ ৰূপান্তৰিত হ’ব আৰু কম লোক অসুস্থ হ’ব। মাৰিয়াই কয় যে এইটো ঘটিব বুলি কোনো নিশ্চয়তা নাই।

সেয়েহে, মানুহে ক’ভিড আচৰণ বিধি কঠোৰভাৱে অনুসৰণ কৰিব লাগিব, । মাৰিয়াই পুনৰ কয় যে ভেকছিনে পাছৰ প্ৰকাৰটোত কাম নকৰিব পাৰে কিয়নো ইয়াৰ অ’মিক্ৰনতকৈ অধিক সংক্ৰমিত কৰাৰ ক্ষমতা থাকিব পাৰে।

Exit mobile version