কৈলাশ ‘শিৱৰ বাসস্থান’। হিন্দুসকলৰ বিশ্বাস কৈলাশ পৰ্বতত সপৰিয়ালে বাস কৰে শিৱ । কৈলাশক লৈ আছে বহুতো ৰহস্য, কাহিনী আৰু বিশ্বাসেৰে । এই ৰহস্যময় পৰ্বতটোৰ বিষয়ে বহুতো বস্তু এতিয়াও মায়াময় হৈ আছে। এতিয়ালৈকে কোনেও এই পৰ্বতৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হোৱা নাই।
তিব্বতীয় মালভূমিৰ পৰা ২২হেজাৰ ফুট ওপৰত অৱস্থিত, কৈলাশক হিন্দুসকলৰ লগতে বৌদ্ধ আৰু জৈনসকলে পবিত্ৰ বুলি গণ্য কৰে। প্ৰচলিত বিশ্বাস, যে যিহেতু কৈলাশত দেৱ-দেৱী বাস, সেয়ে সেই ঠাইলৈ কোনো ব্যক্তিয়ে যাব নোৱাৰে। তাত উঠাৰ অৰ্থ হৈছে দেৱতাৰ ৰোষত পৰা। আনকি এই মৃত্যু পৰ্যন্ত হ’ব পাৰে
হিন্দুৰ মতে, কৈলাশ মেৰু পৰ্বতৰ এটা অংশ। তিব্বতীয় পৰম্পৰা অনুসৰি, ১১ শতিকাত মিলাৰেপা নামৰ এজন ব্ৰজজানী বৌদ্ধ সন্ন্যাসীয়ে এই পৰ্বতৰ শীৰ্ষৰ ওচৰলৈ উঠিবলৈ সক্ষম হৈছিল। তেওঁ তাৰ পৰা উভতি আহি সকলোকে সতৰ্ক কৰি দিছিল যে ঈশ্বৰৰ ঘৰলৈ নোযোৱাই ভাল।
তাৰ পাছত, বহুলোকে তালৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোক হয় বিপথে গৈছিল, বা প্ৰতিকূল বতৰৰ বাবে মৃত্যুবৰণ কৰিছিল।
কৈলাশ পৰ্বত এটা পিৰামিডৰ দৰে। বহুতে ইয়াক “পৃথিৱীৰ কেন্দ্ৰ” বুলি কয়। ইয়াক ‘কছমিক এক্সিছ’ বা ‘ৱৰ্ল্ড পিলাৰ’ বুলিও কোৱা হয়। বিশ্বাস কৰা হয় যে কৈলাশৰ স্বৰ্গ আহি পৃথিৱীলৈ মিলিছে।
কোৱা হয় যে কৈলাশ পৰ্বতৰ পৰা উভতি অহাৰ পাছত, হঠাতে নখ বা চুলি ডাঙৰ হৈ যায়। শুনিব পোৱা মতে কেইজনমান চাইবেৰিয়ান পৰ্বতাৰোহী কৈলাশ পৰ্বতৰ ‘নিষিদ্ধ’ অঞ্চললৈ গৈছিল।
সেই সময়তে, তেওঁলোকৰ বয়স কেবা দশক বৃদ্ধি হৈ গৈছিল । অৱশ্যে, ইয়াৰ সত্যতা পৰীক্ষা কৰিব পৰা নগ’ল। ফলস্বৰূপে, এইটো বিশ্বাস কৰা হয় যে কাহিনীৰ সীমাত আৱৰি থকা কৈলাশ পৰ্বতটো ৰহস্যত আছে।
কৈলাস পৰ্বতৰ পাদদেশত মানস সৰোবৰ আৰু ৰাক্ষসতল আছে। ১৪হেজাৰ ফুট উচ্চতাত অৱস্থিত, মানসৰোবৰ হৈছে পৃথিৱীৰ সৰ্বোচ্চ মিঠা পানীৰ হ্ৰদ।
আশ্চৰ্যজনকভাৱে, বতাহ যিমানেই জোৰেৰে নহওঁক কিয়, মানস সৰোবৰৰ পানী সদায় শান্ত থাকে। কিন্তু ৰাক্ষসতলৰৰ পানী সকলো সময়তে অশান্ত হৈ থাকে। প্ৰচলিত বিশ্বাস যে, শিৱক প্ৰসন্ন কৰাৰ বাবে ৰাক্ষ্যসৰাজ ৰাৱণে যি তপস্যা কৰিছিল ,তাৰ পৰাই ৰাক্ষ্যতলৰ সৃষ্টি ।সেই কাৰণেই এই হ্ৰদৰ পানী অশান্ত থাকে।