মানাহৰ বন্যহস্তীৰ তাণ্ডৱত নিদ্ৰাহৰণ খেতিয়কৰ

হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ দাবীত উত্তৰ ছাফাকামাৰত খেতিয়কৰ উত্তাল প্ৰতিবাদ

3e772bfb 40fc 4efe 832b 8259b84b97fe

বাগসা-বৰপেটাৰ সীমামূৰীয়া উত্তৰ ছাফাকামাৰৰ পথাৰত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ দাবীত আজি বৃহত্তৰ অঞ্চলটোৰ খেতিয়ক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

অঞ্চলটোৰ খেতিয়ক ৰাইজে লাখ লাখ টকা ঋণত লৈ বেঁকী নৈৰ চৰ অঞ্চলত বিভিন্ন পাচলিৰ খেতি কৰি আহিছিল৷ লহপহকৈ বাঢ়ি অহা পাচলি খেতিত নিশাৰ ভাগত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জাকে জাকে বন্যহস্তীয়ে প্ৰৱেশ কৰি পাচলি খেতি খাই, গছকি তহিলং কৰি বিস্তৰ ক্ষতি সাধন কৰে৷

যাৰ বাবে খেতিয়ক সকলে মুৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চিন্তাত পৰিছে কৃষকে ঋণত লাখ লাখ টকা লৈ এতিয়া ঋণ কেনেকৈ পৰিশোধ কৰিব৷ বাগসা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বালিপুৰ, খাগ্ৰাবাৰী, চুণবাৰী, বৃহত্তৰ খাৰিজা বিজনীৰ বাৰাপেটা, উন্নেগুৰীত কেতিয়াবা যদি মানুহৰ বাসগৃহ ভাঙিছে কেতিয়াবা আকৌ কৃষকৰ পাচলি খেতি লণ্ডভণ্ড কৰিছে বন্যহস্তীয়ে৷

বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে ইতিপূৰ্বে স্থানীয় কৃষক ৰাইজে বাৰম্বাৰ বনবিভাগক অৱগত কৰি আহিছে যদিও কোনোধৰণৰ সঁহাৰি নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷

যাৰ বাবে আজি উপায়ন্তৰ কৃষক ৰাইজে খেতি পথাৰতে প্ৰতিবাদ সাব্যস্ত কৰি উৰ্ধতম কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিবলৈ বন বিভাগ হায় হায়, বন বিভাগ গ’বেগ, খেতি পথাৰত বন্যহাতীৰ প্ৰৱেশ বন্ধ কৰক, আমাৰ দাবী মানি লওক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তুলে৷

উল্লেখ্য যে উত্তৰ ছাফাকামাৰৰ খেতিয়ক ফজৰ আলী, মহৰ আলী, শিৰাজ আলী, আলাউদ্দিন, জয়নাল আবদিন, ৰূপচান আলী, আতৰ আলী আদি কৰি কেবাগৰাকী খেতিয়কৰ বিস্তৰ ক্ষতি সাধন কৰে মানাহৰ বন্যহস্তীয়ে৷

Exit mobile version