ZYDUS : প্ৰতিষেধক যোগান আৰম্ভ কৰিলে জাইডাছে

1642767418 vaccination

ইতিমধ্যে কেন্দ্ৰক তেওঁলোকৰ ক’ভিড-১৯ ভেকছিন ‘জাইক’ভ-ডি’ যোগান ধৰা আৰম্ভ কৰিছে তেওঁলোকে । বুধবাৰে এটা বিবৃতি দি এই খবৰ জনালে ঔষধ প্ৰস্তুতকাৰী সংস্থা ‘ জাইডাছ কেডিলাই। ইয়াৰ উপৰিও, প্ৰতিষেধতো মুকলি বজাৰলৈ অনাৰ পৰিকল্পনাও কৰি আছে বুলি জনাইছে আহমেদাবাদস্থিত কোম্পানীটোৱে ।

তিনি পালিৰ এই ভেকছিনটো যন্ত্ৰণাহীন ‘ফাৰ্মাজেট নিডল ছিষ্টেম’ৰ জৰিয়তে প্ৰদান কৰা হয়। প্ৰথম পালিটো গ্ৰহণ কৰাৰ পাছত, দ্বিতীয় পালিটো ২৮ তম দিনত গ্ৰহণ কৰিব লাগিব। তৃতীয় পালিটো দিয়াৰ কথা ৫৬ তম দিনত ।

‘প্লাছমিড ডিএনএ’ ভেকছিন জাইক’ভ-ডি-য়ে শৰীৰত চাৰ্চ ক’ভ-২-ৰ দৰেই স্পাইক প্ৰ’টিন প্ৰস্তুত কৰি শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ প্ৰণালীক উদ্দীপিত কৰে।

এই ভেকছিনটোৰ মূল্য প্ৰতিটো পালিত ২৬৫ টকা নিৰ্ধাৰণ কৰা হৈছে আৰু যিবস্তুৰ স’তে ভেকছিন টো প্ৰয়োগ কৰা হয় তাৰ মূল্য জিএছটিৰ বাহিৰে প্ৰতিটো পালিৰ বাবে ৯৩ টকা।

ইফালে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে ৰাজ্যসমূহক ১৫-১৮ বছৰীয়া শিশুক ভেকছিনৰ দ্বিতীয় পালি প্ৰদানৰ প্ৰক্ৰিয়াৰে গতি বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

ৰাজ্যখনৰ সংশ্লিষ্ট বিষয়াসকললৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে লিখিছে, “সংশ্লিষ্ট বিষয়াসকলক মোৰ আবেদন হৈছে ১৫-১৮ বছৰ বয়সৰ লোকসকলক দ্বিতীয় পালিটো ত্বৰান্বিত কৰা। ইয়াৰ উপৰিও, যিসকলে এতিয়ালৈকে সেই বয়সসীমাত প্ৰথম পালি প্ৰাপ্ত কৰা নাই, তেওঁলোকে ইয়াক সময়মতে দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ”

বিগত তিনি জানুৱাৰীত, ভেকছিনটোৰ প্ৰথম পালি ৪২ লাখ যুৱক-যুৱতীক দিয়া হৈছিল। তেওঁলোকক ক’ভাক্সিন দিয়া হৈছিল। ক’ভাক্সিনৰ ক্ষেত্ৰত, দ্বিতীয় পালিটো ২৮ দিনৰ ব্যৱধানত দিয়া উচিত। ফলস্বৰূপে, ই ৩১ জানুৱাৰীত আৰম্ভ হৈছিল।

Exit mobile version