ঘপকৈ ইনষ্টাগ্ৰামৰ পৰা নাইকিয়া হৈ গ’ল বলিউডৰ জনপ্ৰিয় আইটেম ডান্সাৰ নোৰা ফাতেহি ! যিগৰাকী নোৰা প্ৰায় গোটেই দিনটো ইনষ্টাগ্ৰামত সক্ৰিয় হৈ থাকে ,সেই নোৰাৰ হঠাৎ কি হ’ল যে হঠাতে ইনষ্টাগ্ৰাম একাউণ্টটো ডিলিত কৰিলে ?
ADVERTISEMENT
বৰ্তমান ডুবাইত বন্ধ পালন কৰি আছে নোৰাই । কেবাদিন ধৰি সেই ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি আহিছিল নোৰাই । বন্ধ কটোৱাৰ সময়ত কৰা ভিডিঅ’ও ভাইৰেল সামাজিক মাধ্যমত। অনুৰাগীসকলৰ বাবে ইমান প্ৰিয় নোৰাই ইনষ্টাগ্ৰামৰ পৰা তেওঁ হঠাৎ নিৰুদ্দেশ হোৱা দেখি আচৰিত হৈছে।
অনুমান কৰা হৈছে যে ইনষ্টাগ্ৰামত প্ৰযুক্তিগত ক্ৰুটিৰ বাবেও এনেকুৱা হ’ব পাৰে । অৱশ্যে এই বিষয়ে কোনো ধৰণৰ মন্তব্য পোৱা নাই নোৰাৰ তৰফৰ পৰা ।






























