ভাওৰাগুৰী শংকৰদেৱ শিশু নিকেতনত অনুষ্টুপীয়াকৈ সৰস্বতী পূজা উদযাপন

c4cb1553 f9a7 4797 9ac9 ac5d6422ff32

সমগ্ৰ অসমৰ লগতে কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰী শংকৰদেৱ শিশু নিকেতনত অনুষ্টুপীয়াকৈ সৰস্বতী পূজা উদযাপন কৰা হয়।

ৰাতিপুৱাৰ কাৰ্যসূচী অনুসৰি আঠ বজাত সৰস্বতী পূজা অনুষ্ঠিত কৰে। ভাওঁৰাগুৰী শংকৰদেৱ শিশু নিকেতনত প্ৰতি বছৰে সৰস্বতী পূজাৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় যদিও ক’ভিড পৰিস্থিতিৰ বাবে এইবেলি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নকৰি অকল পূজা অনুষ্ঠিত কৰি সৰস্বতী পূজা সামৰে বুলি জানিবলৈ দিয়ে ভাওঁৰাগুৰী শংকৰদেৱ শিশু নিকেতনৰ উপ প্ৰধান আচার্য কাৰ্তিক বৰ্মনে।

সম্পূর্ণ ক’ভিড পৰিস্থিতি মানি এইবেলি সৰস্বতী পূজা অনুষ্ঠিত কৰে বুলি ভাওঁৰাগুৰী শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ বৰ্মনে জানিবলৈ দিয়ে।

ইপিনে ভাওঁৰাগুৰী শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য মধুসুদন বৰ্মনে চৰকাৰক অতি সোনকালে বিদ্যালয় খুলি দিবলৈ আহ্বান জনায়।

Exit mobile version