আজৱ চোৰ :ঘৰত সোমাই স্নান কৰিলে, খাদ্য খালে, নিদ্ৰাগ্ৰহণ কৰি যাবৰ সময়ত মালিকক দিলে ২০০ ডলাৰ

1582806711050 A Thief Broke Into a House in Karnataka but Got Caught Taking a Nap on the Couch

আমেৰিকাৰ নিউ মেক্সিকো অঞ্চলত চুৰিৰ এক আজব ঘটনা সংঘটিত হ’ল। এজন বন্দুকধাৰী চোৰে এটা বাসগৃহত গৃহস্থ নথকাৰ সুযােগ লৈ প্ৰৱেশ কৰিছিল।

ঘৰটোত প্ৰৱেশৰ পাছত চোৰে প্রথমে বাথৰূমত স্নান কৰে আৰু ইয়াৰ পাছত বীয়েৰ পান কৰাৰ লগতে খাদ্যও গ্রহণ কৰে।

খাদ্য খােৱাৰ পাছত চোৰটোৱে আৰামত বিছনাত নিদ্রাগ্ৰহণ কৰে। ইয়াৰ পাছত কোনাে সাশ্রী চুৰি নকৰি চোৰে ঘৰৰ মালিকক ২০০ ডলাৰ অর্থাৎ প্রায় ১৫ হেজাৰ টকা দি যায়।

দৰাচলতে চোরে গৃহস্থ নথকা ঘৰটোত খিৰিকি ভাঙি প্রবেশ কৰিছিল আৰু চোৰে ইয়াৰ ক্ষতিপূৰণ হিচাপে ঘৰৰ মালিকক ২০০ ডলাৰ আদায় দিছিল।

এইজন চোৰক পাছত আৰক্ষীয়ে টেৰাল ক্রিষ্টেচন নামৰে চিনাক্ত কৰে। ৩৪ বছৰীয়া টেলে যােবা ৩০ জানুৱাৰীত নিউ মেক্সিকোত এইদৰে গৰাকী নথকা অৱস্থাত এটা ঘৰত প্ৰৱেশ কৰিছিল।

পাছত গৰাকীয়ে ঘৰলৈ আহি শয়নকক্ষত চোৰক শুই থকা অৱস্থাত ধৰা পেলায়। টেৰালৰ হাতত এটা এ আ১৫ ৰাইফল আছিল।

টেৰালে ঘৰৰ কোনাে সামগ্রী চুৰি কৰা নাছিল আৰু তেওঁ উক্ত বাসগৃহত প্রৱেশ কৰাৰ বাৰে গৰাকীৰ পৰা ক্ষমা বিচাৰিছিল।

চোৰে কয় যে নিশা অতি ঠাণ্ডাত নিদ্ৰা গ্ৰহণৰ বাবে তেওঁক উষ্ণ কোঠাৰ প্রয়ােজন হােৱাত এইদৰে ঘৰটোৰ খিৰিকি ভাঙি প্ৰৱেশ কৰিবলৈ বাধ্য হৈছিল।

খিৰিকি ভঙাৰ ক্ষতিপূৰণ হিচাপে টেলে গৰাকীক ২০০ ডলাৰ আদায় দিয়ে। পাছত টেৰালে নিজৰ ৰাইফল আৰু বেগ লৈ ঘৰটোৰ পৰা ওলাই যায়।

যাবৰ সময়ত ঘৰৰ গৰাকীৰ পৰা টেৰালে ক্ষমা বিচাৰে। ঘৰৰ গৰাকীয়ে আৰক্ষীক পাছত ঘটনাৰ বিষয়ে অৱগত কৰাত আৰক্ষীয়ে তদন্ত চলাই জানিব পাৰে যে টেৰালে আচলতে এগৰাকী মহিলাৰ পৰা গাড়ী এখন চুৰি কৰিবলৈ গৈ ব্যর্থ হােৱাত পুলিচৰ ভয়ত পলায়ন কৰি উক্ত বাসগৃহত প্ৰৱেশ কৰি নৈশযাপন কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে টেৰালক গ্রেপ্তাৰ কৰিছে।

Exit mobile version