Sonu Sood: আহত ব্যক্তিক কোলাত লৈ নিজৰ গাড়ীত তুলিলে ছনু সুদে ,দুৰ্ঘটনাস্থলীৰ ভিডিঅ’ ভাইৰেল

1644395757 new project 2022 02 09t140543 783

কেৱল তাৰকাই নহয় । তেওঁ এতিয়া হৈ পৰিছে জনসাধাৰণৰ ‘মচীহা’ । দেশৰ যিকোনো প্ৰান্তত বিপদত পৰা লোকসকলক সহায়ৰ হাত আগবঢ়াই আহিছে অভিনেতা ছনুয়ে । শেহতীয়াকৈ আৰু এটা উদাহৰণ দাঙি ধৰিলে অভিনেতাজনে ।

মঙলবাৰে নিশা পঞ্জাৱৰ মগা জিলাৰ ঘাইপথত দুখন গাড়ী দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাটোত এজন লোক আহত হয় । সেই সময়তে অভিনেতা ছনু সেই ৰাস্তাৰ মাজেৰে গৈ আছিল আৰু দুৰ্ঘটনাতো দেখি তেওঁ গাড়ীৰ পৰা নামি নিজেই চিকিৎসালয়লৈ লৈ গৈছিল।

বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। ভিডিঅ’ত দেখা গৈছে যে অভিনেতাজনে আঘাতপ্ৰাপ্ত ব্যক্তিজনক গাড়ীৰ পৰা নিজৰ কোলাত উলিয়াই আনে।

তাৰ পাছত তেওঁক নিজৰ গাড়ীৰ পাছৰ চিটত বহাই। ছনুৰ লগত আছিল তেওঁ সহায়কও । নিজৰ গাড়ীৰ সন্মুখৰ চিটত বহি চালকক দ্ৰুত গতিত গাড়ী চলাবলৈ নিৰ্দেশ দিয়ে অভিনেতাজনে।

২০২০ চনত ক’ভিডৰ বাবে হোৱা তলাবন্ধত প্ৰায় এক লাখ লোকক ঘৰলৈ উভতি অহাত সহায় কৰিছিল অভিনেতাজনে।

Exit mobile version