১৪ ফেব্ৰুৱাৰীৰ পৰা আন্নাৰ পুনৰ অনশন

1020016 anna

দেশৰ বিশিষ্ট গান্ধীবাদী সমাজকর্মী আন্না হাজাৰেয়ে পুনৰ অনশন কার্যসূচী গ্রহণ কৰিব। মহাৰাষ্ট্র চৰকাৰে শ্বপিং ম’ল, ছুপাৰ মার্কেট আৰু গেলামালৰ দোকানত বিদেশী সুৰা বিক্ৰীৰ অনুমতি দিয়াৰ বিৰােধিতাৰে এইবাৰ আন্নাই আমৰন অনশন আৰম্ভ কৰিব।

গান্ধীবাদী প্রবীণ সমাজকর্মীজনে অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ দাবীৰে অনির্দিষ্টকালীন অনশন আৰম্ভ কৰিব।

আন্নাই কয় যে গেলামালৰ দোকানতাে সুৰা বিক্রী হলে যুৱ প্ৰজন্মৰ মাজত সুৰাৰ প্রতি আকর্ষণ বৃদ্ধি পাব আৰু চৰকাৰৰ এই সিদ্ধান্তই মহাৰাষ্ট্রৰ যথেষ্ট ক্ষতি কৰিব।

Exit mobile version