তৃতীয় পত্নীয়েও ত্যাগ কৰিলে পাকিস্তানৰ প্রধানমন্ত্ৰী ইমৰানক

Imran Khan with Bushra Bibi

চৰকাৰ পৰিচালনাৰ ক্ষেত্ৰত নানা সমস্যাৰ সন্মুখীন হৈ অহা পাকিস্তানৰ প্ৰধানমন্ত্রী ইমৰান খানৰ ব্যক্তিগত জীৱনত পুনৰ আউল লাগিল।

পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইমৰান আৰু তেওঁৰ তৃতীয় পত্নী বুশ্বাৰা বীবীৰ মাজত সংঘাতে দেখা দিছে।

বুশ্বাৰাই ইছলামাবাদত থকা ইমৰানৰ বাসগৃহ ত্যাগ কৰি ইতিমধ্যে লাহােৰলৈ উভতি যােৱা বুলি পাকিস্তানৰ সংবাদ মাধ্যমে বাতৰিত দাবী কৰিছে। লাহােত সম্প্রতি নিজৰ বান্ধৱী ছানিয়া শ্বাহৰ স’তে বুশ্বাৰাই বাস কৰিছে।

ইমৰানৰ প্রথম পত্নীৰ নাম আছিল জেমিমা গ’ল্ডস্মিথ আৰু তেওঁ ব্রিটিছ নাগৰিক আছিল। জেমিমাৰ স’তে বিবাহ বিচ্ছেদৰ পাছত ইমৰানে বিবিচিৰ সাংবাদিক ৰেহম খানৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল যদিও আঠ মাহৰ পাছতে তেওঁলােকৰ বিচ্ছেদ হৈছিল। ইয়াৰ পাছতে ইমৰানে বুশ্বাৰাৰ স’তে নিকাহ সম্পন্ন কৰিছিল।

Exit mobile version