Chinese App Ban : দেশৰ নিৰাপত্তাত সংকট, পুনৰ ৫৪টা চীনা এপ্ নিষিদ্ধ ভাৰতত

1644825761 app ban

গালৱানৰ ভাৰত-চীন সীমান্ত সমস্যা চলি থকাৰ সময়তে ২০২০ত তিনিশটা চীনা এপ্ নিষিদ্ধ কৰিছিল কেন্দ্র‌ই । পুনৰ ৫০টাৰো অধিক চীনা এপ্‌ নিষিদ্ধ কৰা হ’ব । চৰকাৰী সূত্রে প্ৰকাশিত । ‘ছুইট ছেল্ফি এইচডি’, ‘বিউটি কেমেৰা’, ‘ভিভা ভিডিঅ’ এডিটৰ’, ‘টেনছেন্ট ৰিভাৰ’, ‘এপ্ লক’, ‘ডুৱেল স্পেছ লাইট’-ৰ দৰে মুঠ ৫৪টা চীনা এপ্ ভাৰতত নিষিদ্ধ কৰা হ’ব । চৰকাৰী সূত্রে খবৰ, দেশৰ নিৰাপত্তাৰ স্বার্থত এই সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে । তথ্য অনুসৰি, এপ্ ব্যৱহাৰকাৰীৰ অজানিতেই স্মার্টফোনত সোমাই পৰিছে ক্ষতিকৰ ছফ্টৱেৰ । লগতে অভিযোগ, অনুমতি নোহোৱাকৈয়ে তৃতীয় পক্ষক তথ্য বিক্রী কৰে এই চীনা এপ্ সংস্থাবোৰে ।

পূৰ্বে ২০২০ত তিনিশৰো অধিক চিনা এপ্ নিষিদ্ধ কৰিছিল ভাৰতে । পাছত বিগত বৰ্ষৰ জুনতো ‘টিক্‌টক’, ‘উই চেট্’, ‘হেল্ল’-ৰ দৰে ৫৯টি চীনা এপ্লিকেছন নিষিদ্ধ কৰা হয় । সেই বাৰো চৰকাৰে জনাইছিল, দেশৰ সার্বভৌমতা আৰু নিৰাপত্তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ‌।

Exit mobile version