Deep Sidhu : পথ দুৰ্ঘটনাত মৃত্যু মুখত পৰিল কৃষক আন্দোলনৰ সময়ত শিৰোনাম দখল কৰা দীপ সিদ্ধু

8l8t08mg deep sidhu accident split

এটা পথ দুৰ্ঘটনাত মৃত্যু হ’ল পাঞ্জাৱী অভিনেতা দীপ সিদ্ধুৰ। ২০২১ বৰ্ষৰ কৃষক আন্দোলনৰ সময়ত তেওঁ শিৰোনাম দখল কৰিছিল। তথ্য অনুসৰি মঙলবাৰে সন্ধিয়া দিল্লীৰ ভাটিণ্ডাৰ পৰা পঞ্জাৱলৈ তেওঁ ৰাওনা হৈছিল। হাৰিয়ানাৰ খাৰখোড়াৰ ৱেষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱেত এখন ট্ৰাকে তেওঁৰ গাড়ীখনক খুন্দা মাৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সিদ্ধুক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ৰাজধানীত তিনিখন কৃষি আইনৰ বিৰুদ্ধে আন্দোলনৰ সময়ত দীপ সিদ্ধুৱে সংবাদত শিৰোনাম দখল কৰিছিল।

২৬ জানুৱাৰীত লালকিল্লাত পতাকা উত্তোলন কেন্দ্ৰ কৰি হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তেওঁক ২৬ জানুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ৩,২২৪ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰে আৰু পাছত তেওঁক জামিনত মুক্তি দিয়া হয়।

পাঞ্জাৱী চলচ্চিত্ৰৰ এটা জনপ্ৰিয় নাম আছিল দীপ সিদ্ধু। সিদ্ধুৱে ২০১৫ চনত পাঞ্জাৱী ছবি ‘ৰামতা যোগী’ৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল। য’ত তেওঁক চিনেমাখনৰ মুখ্য চৰিত্ৰত দেখা গৈছিল।পাছত, তেওঁ কেবাখনো চলচ্চিত্ৰত অভিনয় কৰে।

Exit mobile version