১৬ ফেব্ৰুৱাৰীত পিতৃৰ জন্মবাৰ্ষিকী বিশেষ ফুলেৰে সজোৱাৰ সিদ্ধান্ত লৈছিল কিম জঙে। কিন্তু তেওঁৰ সেই আশাত চেঁচা পানী ঢালিলে মালীসকলে ।তাতেই ক্ষুব্ধ হৈ পৰিল উত্তৰ কোৰিয়াৰ প্ৰশাসক কিম জং উন ।
কিমৰ পিতৃ জং-ইলৰ নামেৰে সেই ফুলৰ নামাকৰণ কৰা হয় কিমজউঙগিলিয়াছ । বিশেষ প্ৰজাতিৰ এই ফুলৰ জন্য ফুলৰ বাবে উপযুক্ত বতৰৰ পৰিস্থিতিৰ প্ৰয়োজন।
সেউজগৃহত উপযুক্ত পৰিৱেশ সৃষ্টি কৰি উত্তৰ কোৰিয়াত এই ফুলৰ খেতি কৰা হয়। দৈনিক এনকে-ৰ প্ৰতিবেদনৰ মতে, ১৬ ফেব্ৰুৱাৰীত কিমৰ পিতৃৰ জন্মবাৰ্ষিকী। কিমে তেওঁৰ পিতৃক মূৰ্তি আৰু ছবিসমূহ কিমজউঙগিলিয়াছ ফুলেৰে সজাই তুলিব বিচাৰিছিল।
গ্ৰীণ হাউচৰ মেনেজাৰ হানক মাতি অনা হ’ল । তেওঁ আহিলে ঠিকেই। কিন্তু তেওঁ ফুল আনিব নোৱাৰিলে। কাৰণ তেওঁ সময়মতে গছত ফুল ফুলাবলৈ ব্যৰ্থ হৈছিল।
পিতৃৰ স্মৃতিত যি ফুলৰ নামাকৰণ কৰা হৈছে , সেই ফুল নোপোৱাত অগ্নিশৰ্মা হৈ উঠে কিম । ইয়াৰ পাছতে কিমে হান আৰু তেওঁৰ সকলো মালিক ছয় মাহৰ সশ্ৰম কাৰাদণ্ড ৰখাৰ নিৰ্দেশ দিয়ে।