Ahmedabad Serial Blast Case : ৩৮ জনক ফাঁচীৰ আদেশ আহমেদাবাদ বিস্ফোৰণ গোচৰত, ১১ জনক যাৱজ্জীৱন

a3ce89f3bfad94784945e6085adba903 original

আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰত অভিযুক্ত ৪৯ জনৰ ভিতৰত ৩৮ জনক মৃত্যুদণ্ডৰ নির্দেশ দিলে আদালতে । ২০০৮ৰ এই বিস্ফোৰণত অভিযুক্ত আৰু ১১ জনক যাৱজ্জীৱনৰ নির্দেশ দিলে আদালতে । শুকুৰবাৰে আহমেদাবাদৰ বিশেষ আদালতে এই নির্দেশ দিছে । এই ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাত মুঠ ৫৬ জন নিহত হৈছিল । লগতে দুশৰো অধিক লোক আহত হয় । তদন্ত আৰম্ভ কৰাৰ পাছত তদন্ত সংস্থাবোৰে মুঠ ৪৯ জনক এই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰে ।

এই বিস্ফোৰণৰ ১৪ বছৰ পাছত অভিযুক্তসকলক শাস্তিৰ ঘোষণা কৰা হ’ল । যোৱা আঠ ফেব্রুৱাৰীত ঘটনাত অভিযুক্ত ৪৯ জনক দোষী সাব্যস্ত কৰে ‌আদালতে । শুকুৰবাৰে তেওঁলোকৰ শাস্তি ঘোষণা কৰা হয় । ২০০৮ৰ ২৬ জুলাইত ১৯টা ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠে আহমেদাবাদ চহৰ ।

এই ঘটনাৰ অন্যতম প্রধান অভিযুক্ত ষ্টুডেণ্টছ মুভমেন্ট অৱ ইণ্ডিয়াৰ নেতা ছাফদাৰ নাগোৰি । আহমেদাবাদত বিস্ফোৰণৰ পূৰ্বে জয়পুৰ আৰু বেংগালুৰুটো একেই ধৰণে আক্ৰমণ চলোৱা হৈছিল ।

Exit mobile version