মহাকাশ ভ্ৰমণৰ বাবে টিকট বুকিং আৰম্ভ,ব্যয় কৰিব লাগিব ৩.৫ কোটি টকা

Start booking for space tourism would you like to go

মহাকাশ পর্যন্তৰ ক্ষেত্ৰত ২০২১ বৰ্ষটো যথেষ্ট তাৎপর্যপূর্ণ আছিল। উক্ত বর্ষতে ৰিচাৰ্ড ব্রেনছন আৰু জেফ বেজ’ছৰ দৰে অবুদপতিয়ে নিজৰ মহাকাশ প্রতিষ্ঠানৰ জৰিয়তে বাণিজ্যিক মহাকাশ ভ্ৰমণৰ সুবিধা প্ৰৱৰ্তন কৰিলে।

যােৱা বছৰতে মহাকাশ ভ্ৰমণৰ বাবে টিকটৰ বুকিং আৰম্ভ কৰা হৈছিল। চলিত বৰ্ষৰ আৰম্ভণিতে ব্রেনছনৰ প্রতিষ্ঠান ভার্জিন গেলেক্টিকে আকৌ এবাৰ মহাকাশ ভ্ৰমণৰ বাবে ইচ্ছুক লােকৰ বাবে টিকটৰ বুকিং প্রক্রিয়া আৰম্ভ কৰিলে।

মহাকাশ ভ্ৰমণৰ প্ৰতি আগ্রহী লােকে ৩.৫ কোটি টকা ব্যয়ৰে এই ৰােমান্সকৰ আৰু শিহৰণকাৰী ভ্ৰমণৰ অভিজ্ঞতা আহৰণ কৰিব পাৰিব। আবেদনকাৰী যােগ্য বিবেচিত হ’লে প্রথমে ১.১২ কোটি টকা জমা দিব লাগিব আৰু ইয়াৰে ১৮ লাখ টকা ঘূৰাই দিয়া নহ’ব।

ভার্জিন গেলেক্টিকে চলিত বৰ্ষৰ অন্তিমভাগত বাণিজ্যিক মহাকাশ ভ্রমণ কার্যসূচী গ্রহণ কৰিব। বর্তমানলৈকে প্রতিষ্ঠানটোৰ স’তে মহাকাশ ভ্ৰমণৰ বাবে ইচ্ছা ব্যক্ত কৰি ১০০০ ৰাে অধিক লােকে যােগাযােগ কৰিছে।

বর্তমানে ভার্জিন গেলেক্টিকৰ হাতত মাত্র এখন মহাকাশ বিমান আছে। কোম্পানীটোৱে আৰু দুখন মহাকাশ বিমানৰ নির্মাণ অব্যাহত ৰাখিছে। ভার্জিন গেলেক্টিকে বাণিজ্যিক মহাকাশ ভ্ৰমণৰ পৰিকল্পনাৰ অধীনত নির্বাচিত মহাকাশ যাত্রীক মহাকাশৰ ৫০,০০০ ফুট উচ্চতালৈকে লৈ যাব আৰু তাৰ পাছত পুনৰ পৃথিৱীলৈ উভতি আহিব।

বর্তমানে মহাকাশ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা যানখনত ছজন যাত্রী আৰু দুজন বৈমানিকে যাত্রা কৰিব পাৰিব। ৯০ মিনিটৰ ভিতৰতে মহাকাশ ভ্ৰমণৰ এই অভিযান সমাপ্ত হ’ব।

Exit mobile version