‘গোবৰ-ধন’ প্রকল্প আৰম্ভণি মোদীৰ, দিনে ৫৫০ টন গোবৰৰ পৰা তৈয়াৰ হ’ব গেছ

indore plant 1645266123

গোবৰেৰে তৈয়াৰ কৰা হ’ব চিএনজি আৰু সেই ইন্ধনেৰে চলিব বাছ । একে সময়তে, স্বচ্ছ ভাৰত আৰু প্ৰাকৃতিক গেছ উৎপাদন প্ৰকল্পৰ স’তেও জড়িত হ’ল মধ্য প্ৰদেশ চৰকাৰ।

শনিবাৰে আৰম্ভ হ’ল দেশৰ প্ৰথম ‘গোবৰ-ধন’ প্ৰকল্প। দিল্লীৰ পৰা ভাৰ্চুৱেলযুগে ইন্দোৰত সেই প্ৰকল্প আৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উপস্থিত থাকে মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।

লগতে তাত উপস্থিত থাকে দুজন কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু নৰোত্তম মিশ্ৰ ।

এই প্ৰকল্পটো ইন্দোৰৰ দেৱগুৰিয়া অঞ্চলত স্থাপন কৰা হৈছে। ইয়াত প্ৰতিদিনে ৫৫০ টন গোবৰৰ পৰা গেছ উৎপাদন কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰ অনুসৰি, প্ৰকল্পটোৱে প্ৰতিদিনে ১৭হেজাৰ টন চিএনজিৰ উপৰিও ১০০ টন প্ৰাকৃতিক সাৰ উৎপাদন কৰিব।

একে সময়তে, দাবী কৰা হৈছে যে এই পৰিৱেশ-অনুকূল প্ৰকল্পটোৰ বিশেষত্ব হৈছে যে ইয়াৰ পৰা কোনো আৱৰ্জনা উৎপাদন নহ’ব।

মধ্য প্ৰদেশ চৰকাৰে প্ৰকল্পটোৰ পৰা উৎপন্ন হোৱা গেছ ব্যৱহাৰ কৰি ইন্দোৰ চহৰত ৪০০ খন বাছ আৰু ১,৫০০ খন সৰু গাড়ী চলাবলৈ সিদ্ধান্ত লৈছে।

প্ৰকল্পটো উদ্বোধন কৰাৰ সময়ত মোদীয়ে কয় যে এই প্ৰকল্পটোৱে প্ৰাকৃতিক গেছ আৰু সাৰৰ বাবে কাৰ্যকৰী হোৱাৰ উপৰিও প্ৰদূষণমুক্ত পৰিৱেশ আৰু দেশৰ এখন পৰিষ্কাৰ চহৰৰ বাৰ্তা প্ৰদান কৰিব। চৰকাৰে দেশৰ অন্যান্য মুখ্য চহৰসমূহতো এনে প্ৰকল্প গ্ৰহণ কৰিব বুলিও মোদীয়ে কয়।

Exit mobile version