মেষঃ মংগল গ্ৰহৰ প্ৰভাৱত কৰ্ম সম্পন্ন কৰিব পাৰিব । পাছবেলা দূৰ ভ্ৰমণ নকৰিব; কৰ্মস্থানত মধ্যম; শুভ ৰং বগা । শুভ সংখ্যা ৩ ।
বৃষঃ পুৰণি ৰোগে আমনি কৰিব; হঠাৎ কোনো ব্যক্তিৰ লগত মতানৈক্যৰ সৃষ্টি হ’ব পাৰে, কৰ্মস্থানত শুভ, বিদ্যাত মধ্যম । শুভ ৰং নীলা । শুভ সংখ্যা ৮ ।
মিথুনঃ সামাজিক কামত আগ্ৰহ বাঢ়িব, মানসিক শান্তি, দুষ্ট লোকৰ পৰা সাৱধান । আয়তকৈ ব্যয় বৃদ্ধি, কৰ্মত শুভ, সোণালী শুভ ৰং । শুভ সংখ্যা ৫ ।
কৰ্কটঃ শৰীৰৰ প্ৰতি নজৰ ৰাখিব, খং ত্যাগ কৰক, পদোন্নতি যোগ, বন্ধু পৰা সাৱধান হওক, নিজৰ লক্ষ্য প্ৰতি নজৰ ৰাখক । পাতল নীলা শুভ ৰং । শুভ সংখ্যা ৭ ।
সিংহঃ কৰ্মত উদাৰতা থাকিব, আৰ্থিক উন্নতি, ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত উন্নতি হ’ব, কৰ্মক্ষেত্ৰ শুভ, হতাশ দূৰ হ’ব, কমলা শুভ ৰং । শুভ সংখ্যা ৩ ।
কন্যাঃ ভ্ৰমণ কৰিব পাৰিব, চাকৰি যোগ, কৰ্মত উন্নতি আৰু পৰিৱৰ্তন, প্ৰেমত শুভ, গুৰু কৃপা লাভ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ২ ।
তুলাঃ কৰ্মসংস্থাপনৰ যোগ । ঘৰুৱাত মধ্যম, ভ্ৰমণত বাধা, আৰ্থিকত শুভ, শত্ৰুৰ পৰা সাৱধান, হালধীয়া শুভ ৰং । শুভ সংখ্যা ৯ ।
বৃশ্চিকঃ ভবাতকৈ অধিক উন্নত হ’ব, ৰৈ থকা কাম সমাধান হ’ব, দূৰ ভ্ৰমণ নকৰাই ভাল, কৰ্মস্থানত মধ্যম, অৰ্থ লাভ, ৰঙা শুভ ৰং । শুভ সংখ্যা ৭ ।
ধনুঃ নতুন কামৰ তৎপৰ ভ্ৰমণত শুভ, বগলা পূজা কৰক, শাৰীৰিক দুৰ্বলতা আঁতৰিব, দাম্পত্যত মধ্যম, গেৰুৱা শুভ ৰং । শুভ সংখ্যা ৬ ।
মকৰঃ নতুন যোগাযোগৰ পৰা উপকৃত হ’ব, বন্ধুৰ পৰা আনন্দ লাভ কৰিব; লক্ষ্যত উন্নতি হ’ব পাৰে । প্ৰেমত বাধা, খৰচ বৃদ্ধি । সেউজীয়া শুভ ৰং । শুভ সংখ্যা ৩ ।
কুম্ভঃ অৰ্থ লাভ, কৰ্মত শুভ, ঘৰুৱা মধ্যম, গোপন শত্ৰু বৃদ্ধি, বন্ধুৰ পৰা আনন্দ লাভ । যান-বাহনৰ পৰা সাৱধান, শুভ ৰং কমলা । শুভ সংখ্যা ৬ ।
মীনঃ যান-বাহনৰ ক্ষতি হ’ব পাৰে, কৰ্মস্থানত শুভ, বিদ্যাৰ্থীসকল অধিক কৰ্ম কৰিব লাগিব, শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক । মাখন শুভ ৰং । শুভ সংখ্যা ৭ ।