অ’মিক্ৰনকে ধৰি কৰ’নাৰ বিভিন্ন প্ৰকাৰৰ ৰূপৰ স’তে মোকাবিলা কৰি লাহে লাহে সুস্থতাৰ পথত আগবাঢ়িছে দেশ । এদিনত যথেষ্ট হ্ৰাস পালে সংক্ৰমণ । লগতে হ্ৰাস পাইছে সক্ৰিয় ৰোগীৰ সংখ্যাও । ফলস্বৰূপে, বিভিন্ন ৰাজ্যত ক’ভিড নিয়ম শিথিল কৰা হৈছে।
সোমবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ১৬,০৫১ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । দেওবাৰে আছিল ১৯ হেজাৰতকৈও অধিক।ইফালে যথেষ্ট হ্ৰাস পাইছে সক্ৰিয় ৰোগী সংখ্যা ।
বৰ্তমান, দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে দুই লাখ দুই হেজাৰ ১৩১ । এক শতাংশ হ্ৰাস পাইছে সক্ৰিয় ৰোগীৰ সংখ্যা ।
এই মুহূৰ্তত দেশত কৰ’না পিজিটিভ হাৰ ১.৯৩ শতাংশলৈ হ্ৰাস পাইছে। যিটো কালিতকৈ অধিক। কিন্তু লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে নিষেধাজ্ঞাবোৰ শিথিল কৰা হৈছে।
ইফালে, ব্ৰিটেইনেও সকলো কৰ’না নিয়ম উঠাই লোৱাৰ দিশত আগবাঢ়িছে। অষ্ট্ৰেলিয়াৰ প্ৰশাসনে পৰ্যটকসকলৰ বাবে দেশৰ সীমা মুকলি কৰাৰ সিদ্ধান্ত লৈছে।
অৱশ্যে দেশত মৃত্যুৰ হাৰ অলপ উদ্বেগজনক। যদিও বিগত ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা অতি কম হৈছে। দেশখনত এদিনত কৰ’নাত ২০৬ জন লোকে প্ৰাণ হেৰুৱাইছিল।বৰ্তমানলৈকে, দেশত ক’ভিডত পাঁচ লাখ ১২ হেজাৰ ১০৯ জন লোকৰ মৃত্যু হৈছে।
অৱশ্যে, এই উদ্বেগৰ মাজত, আশাৰ ৰেঙনি দেখুৱাইছে কৰ’নাজয়ীসকলে পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত চাৰি কোটি ২১ লাখ ২৪ হেজাৰ ২৮৪ জনে কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।
যাৰ ভিতৰত বিগত ২৪ ঘণ্টাত ৩৭ হাজাৰ ৯০১ জন লোকক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে । সুস্থৰ হাৰ ৯৮.৩৩ শতাংশ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে ১৭৫ কোটি ৪৬ হেজাৰৰো অধিক কৰ’না ভেকছিনৰ পালি দিয়া হৈছে। টিকাকৰণৰ লগতে, পৰীক্ষাও চলি আছে।