বজালী জিলাৰ নতুনকৈ অন্তৰ্ভূক্ত অঞ্চলত উপায়ুক্তৰ পৰিদৰ্শন

7fc4f930 f39a 43cc b1f7 5490dcf03707

বজালী জিলাত নতুনকৈ অন্তৰ্ভূক্ত হোৱা উত্তৰ পাকা গাও পঞ্চায়ত , পূব পাকা গাঁও পঞ্চায়ত উত্তৰ পূব পাকা গাও পঞ্চায়ত আৰু মধ্য পাকা গাঁও পঞ্চায়ত এলেকাৰ শৈক্ষিক অনুস্থান চিকিৎসালয় গাঁও পঞ্চায়তৰ কাৰ্যালয় সূলভ মূল্যৰ দোকান আৰক্ষী চকী বজালীৰ জিলাধিপতি ভাৰত ভূষণ দেৱ চৌধুৰীয়ে আজি পুৱাৰ ভাগতেই পৰিদৰ্শন কৰি অঞ্চলটোৰ বিষয় সামগ্ৰিক বুজ লয় ।

এই সময়ছোৱাত তেও স্থানীয় ৰাইজৰ লগতো মত বিনিময় কৰে । উক্ত অঞ্চলৰ বিভিন্ন সমস্যা বাট পথৰ অবস্থা ৰাইজৰ অভাৱ অভিযোগ সূলভূল্যৰ দোকানৰ স্বৰূপ শৈক্ষিক অনুস্থানৰ ৰূপৰেখা স্বচক্ষে বুজ লোৱাৰ উদ্দেশ্যেই জিলাধিপতি গৰাকী আজি উক্ত অঞ্চলত উপস্থিত হয় ।

জিলাধিপতি গৰাকীয়ে প্ৰথমতে উপস্থিত হয় আমদহ মজলীয়া বিদ্যালয়ত ।ইয়াত তেও বিদ্যালয় খনৰ বিভিন্ন দিশৰ বুজ লোৱাৰ উপৰিও শিক্ষাৰ্থীৰ সতেও শ্ৰেণীকোঠাত মত বিনিময়ত কৰে ।

ইয়াৰ পাছত আমদহ ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰ আৰক্ষী চকী বজাৰ গাও পঞ্চায়তৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ উপৰিও সূলভ মূল্যৰ দোকানো পৰিদৰ্শন কৰে আৰু মজুতকৰণ খাদ্য সামগ্ৰীৰ তালিকাৰ তন্ন তন্নকৈ বুজ লয় ।

আজি জিলাধিপতিৰ এই পৰিদৰ্শন কাৰ্যসূচীত অঞ্চলটোৰ ৰাইজে সুখী হোৱাৰ উপৰিও একাংশ লোকে কয় যে এইবোৰ অঞ্চলত তেওলোকে আজিহে জিলাধিপতিক দেখিবলৈ পাইছে ।

একাংশ ৰাইজে জিলাধিপতিক এই কথাও জনায় যে প্ৰশাসনিক বিষয়া সকল সঘন এই অঞ্চললৈ আহিলে অঞ্চলটোৰ ক্ষীপ্ৰ উন্নয়ন হোৱাৰ লগতে কাৰ্যদিনত কেতিয়াবা কেতিয়াবা বন্ধ থকা কাৰ্যালয়বোৰ আৰু বন্ধ হৈ নাথাকে

জিলাধিপতি দেৱ চৌধুৰীয়ে ৰাইজৰ কথা অন্তৰঙ্গতাৰে শুনে আৰু ৰাইজক আস্বাশ দিয়ে যে বজালী জিলাৰ এই অঞ্চলবোৰক জাকত জিলিকা কৰি নিৰ্মাণ কৰাই ইয়াৰ আৰ্থ সামাজিক দিশটো উন্নয়ন কৰাটোৱে হব বজালী জিলা প্ৰশাসনৰ অন্যতম সংকল্প ।

তেওঁ ৰাইজক কয় এতিয়াৰে পৰা ৰাইজৰ ওচৰলৈ প্ৰশাসনিক বিষয়া সকল সঘনে আহিব আৰু ৰাইজে নিজৰ সমস্যাৰ কথা প্ৰশাসনক কব পাৰিব নিজৰ অঞ্চলতে ।

Exit mobile version