অভিভাৱকে ভোট দিলেই পৰীক্ষাৰ্থীসকলে পাব অতিৰিক্ত ১০ নম্বৰ । বুধবাৰে উত্তৰ প্ৰদেশত চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে। ইয়াৰ আগতে এই ঘোষণা কৰি সঁহাৰি জনাইছে লক্ষ্ণৌৰ এখন মহাবিদ্যালয়ে ।
মহাবিদ্যালয়খনৰ তৰফৰ পৰা জনোৱা হৈছে, ২৩ ফেব্ৰুৱাৰীত অভিভাৱকসকলে সক্ৰিয়ভাৱে ভোটদানত আৰু বাকী পৰ্যায়ৰ ভোটদানত অংশগ্ৰহণ কৰিলে শিক্ষাৰ্থীসকলক এই নম্বৰ প্ৰদান কৰা হ’ব।
মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাকেশ কুমাৰে দাবী,ভোটদানত উৎসাহ দিবলৈ আৰু ভোটাৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে।
তেওঁ কয়,”২৩ ফেব্ৰুৱাৰী আৰু বাকী পৰ্যায়ৰ ভোটদানত শিক্ষাৰ্থীসকলৰ অভিভাৱকক সক্ৰিয় অংশগ্ৰহণ কৰিলেই পুৰস্কাৰ হিচাপে শিক্ষাৰ্থীসকলক অতিৰিক্ত ১০ নম্বৰ প্ৰদান কৰা হ’ব। কাৰণ আমি বিচাৰো যে ভোটদান ১০০ শতাংশ হওক। “
কিন্তু তাৰ কি লাভ? অধ্যক্ষজনে সংবাদ সংস্থা এএনআইক দাবী কৰিছে, ইয়াৰ ফলত দুৰ্বল শিক্ষাৰ্থীসকলেও অতিৰিক্ত ১০ নম্বৰ লাভ কৰিব।
ফলস্বৰূপে, এই সংখ্যাটোৱে তেওঁলোকক পৰীক্ষাত উত্তীৰ্ণ হোৱাত যথেষ্ট সহায় কৰিব। মহাবিদ্যালয় কৰ্তৃপক্ষৰ এনে পদক্ষেপত বিপুল চর্চা হৈছে উত্তৰ প্ৰদেশত ।
বুধবাৰে চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে উত্তৰ প্ৰদেশত । মুঠ সাতটা পৰ্যায়ৰ ভোটদান হ’ব। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সাত মাৰ্চত অনুষ্ঠিত হ’ব। গণনা ১০ মাৰ্চত অনুষ্ঠিত হ’ব।






























